পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ।

ক্ষুদ্ৰ জন্তু হিংসকক বধিয়া পণ্ডিত।
মৃত্যুকালে কাৰ্ষাপণ কৰে প্ৰায়শ্চিত্ত॥
অহিংসক ক্ষুদ্ৰ জন্তু বধে শত গুণ।
প্ৰায়শ্চিত্ত কৰি শুদ্ধ হোৱয় নিপুণ॥

পশু আদি বিশিষ্ট জন্তুক বধ সাৰ।
তাৰ শত গুণ পাপ লভয় নিকাৰ॥
অজ্ঞানত প্ৰায়শ্চিত্ত এহি পাতকৰ।
জ্ঞানত দ্বিগুণ হৱে সমস্তে পাপৰ॥

তাক বধি কাম কৰি পাপ হৱে যত।
ম্লেচ্ছ এক বধি পাপ লভে তাৰ শত॥
ম্লেচ্ছ শত বধি পাপ লভে যত যত।
সৎ শূদ্ৰ এক বধি পাৱয় সমস্ত॥

শুদ্ৰ শত বধি পাপ লভে যত যত।
গোৰ এক বধি পাপ পাৱয় সমস্ত॥
গোৰ শত বধি পাপ লভে যত যত।
একৈক ব্ৰাহ্মণ বধি পাৱয় সমস্ত॥

বিপ্ৰ বধ পাপ জানা তিৰী বধে হয়।
চন্দ্ৰ দিবাকৰ কাল যাতনা ভুঞ্জয়॥
ইহাঙ্ক বধাহা যদি তুমি মহাশয়।
তিৰী বধ শত পাপ হৈবেক নিশ্চয়॥

তপ জপ দান পূজা তীৰ্থ দৰিশন।
স্বৰ্গ অৰ্থে হোম বিপ্ৰ কৰায়ে ভোজন॥
ইতো পাপে কৰে ৰাজা সমস্তকে নাশ।
ঘোৰ নৰকত তাৰ হোৱয় নিবাস॥

জল বুদ বুদ দেহ স্বপ্ন সম মানি।
সততে কয় পুণ্য সন্ত সবে জানি॥
তযু বংশ পদ্ম মধ্যে প্ৰকাশ ভাস্কৰ।
তুমি সম ধৰ্ম্মিষ্ঠ আছয় কোন নৰ॥