এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি
ভবানী দাস।
মহাভাৰত।
অশ্বমেধ পৰ্ব্ব।
হেন বুলি প্ৰবেশিলা পাতাল ভুবনে।
পাতাল নিৱাসী যত দেখে নাগগণে॥
ৰথে চড়ি নাগ সবে হৈল উপস্থিত।
চতুৰঙ্গ দলে বলে হৈলন্ত বেষ্টিত॥
কুপিলেক বব্ৰুবাহা দেখি নাগগণ।
সৰ্গগণ সম্বোধিয়া বুলিলা বচন॥
মণি নেদি বাপ মোৰ বধিবাৰে চায়।
প্ৰচণ্ড গনি বাণ সই দেখি গাৱ॥
বব্ৰুবাহাৰ বাক্য শুনি অনন্ত নাগেশ্বৰ।
সৰ্প সব প্ৰবোধিয়া বুলিলা উত্তৰ॥
মণি নেপাই বব্ৰুবাহ আসিলন্ত কষ্টে।
আবে কেনে প্ৰবোধ নকৰা ধৃতৰাষ্ট্ৰে॥
আজি ক্ষয় কৰিব সকল নাগপুৰি।
বব্ৰুবাহাৰ শৰে আজি নযাইবা সাৰি॥
প্ৰচণ্ড অনলে আজি ভস্মিভুত হৈবা।
ধৃতৰাষ্ট্ৰ আজি কিবা উপাই কৰিবা॥
হেন বুলি নাগেন্দ্ৰ হৈলন্ত কোপমনে।
তক্ষক প্ৰভৃতি নাগ প্ৰবেশিলা ৰণে॥
নৃপতিৰ আদেশে চলিলা নাগগণ।
পুৰিহন্তে বাইৰ হৈইলা কৰিবাৰে ৰণ॥