পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি

 ১৬০৬ শকত গড়গঞা সন্দিকৈ বড় ফুকন হলত, চাৰিঙ্গিয়া ফুকন মহাৰজাক সেৱা কৰিবলৈ গল। সেই সময়ত গোহাঞিৰ নাতিয়েকে লোভণ্ডাৰিৰ পুতেক জন্মিয়ে মেতিৰিয়ে তাজাং চেটিয়ায়ে ঠামহ হাজৰিকায়ে উমাই ঠিয়াৰ ভায়েক আসুল কোঞৰৰ নাতিয়েক বেবেজিয়া হাজৰিকা কমলা পতিয়ে, এই বোৰে নাহৰ কোঞৰৰ পুতেকক আনি গদাধৰ সিংহ ৺দেৱক দ্ৰোহ চিন্তিবলৈ আলোচন কৰিলে। এই কথা চাৰিঙ্গিয়া ফুকনতো সিহঁতে জনালে। ফুকনে বোলে ইঠাইৰ আমি একো নহয়, গুৱাহাটীত হে মানুহ। এতেকে মই থাকোতে তহঁতে একো নকৰিবি। বিদাই কৈ চাৰিঙ্গলৈ গলে যিখান হয় কৰিবি। এই কথা ঢেকিয়াল বেতমেলা শয়কিয়ায়ে নাৰদ বড়ায়ে বুঢ়া চেটিয়াত কৈ মহাৰজাত জনালে। ৺দেও এই বোৰক গোটাই সোধপোচ কৰি কথা হয় হেন দেখি সিহঁতক দণ্ড কৰিলে। ফুকনকো ঢাৰিৰ পৰা সানি নিৰ্ভয় বচন বুলি বটা প্ৰসাদ দি গুৱাহাটীলৈ পঠাই দিলে। এই এক কথা, আৰু চাৰিঙ্গিয়া ফুকনৰ লড়ি মাক তিনটি ভায়েক মাজিঞোজনা ৰজাৰ টুকৰিয়াৰ জীয়েক কুঞৰীৰ পুতেকটিক গুৱাহাটীলৈ পলুৱাই আনিছে হেন দেৱে শুনি তেওঁকো তেওঁৰ বায়েকক লচু খোৱাৰ ঘৰৰ বড়গাভৰুকো কুঞৰীকো মাৰিলে। বড়ফুকনলৈকো ৺দেৱে বুলি পঠালে, চাৰিঙ্গিয়া ফুকনৰ কোটি নিছে হেন যে শুনিছো, ফুকনে ৰহস্যে ভালৰূপে বিচাৰ কৰিব। এইৰূপ কথা গাত লাগিবৰ হেন দেখি চাৰিঙ্গিয়া ফুকন মহাভয় হৈ সন্দিকৈ বড়ফুকনত কলে, বোলে মোক কিৰূপে ৰক্ষা কৰা। ৰক্ষা পৰো যেন নেদেখোঁ। পাচে বড়ফুকনে বোলে মহাৰাজা সোধপোচ কৰি শুদ্ধহে কৰে, ভয় নকৰিবা, একো নাই। মোক যিৰূপে দেৱতায়ে মোৰ বুলিছে তাক তুমি জানা। মোৰ ডিঙ্গি ওপৰ তোমাৰ ডিঙ্গি তল। ৰক্ষা পৰিম হেন জানিবা, এনেৰূপে অনেক বুজালে। পাচে দীঘল বুড়া গোহাঞিৰ জকাইচুকিয়াক গুচাই বড়গোহাঞিক দিলে। কথাৰ বিধাৰণ দেখি মূৰ হাঁচটি এখান চেঙ্গই ফুকনক দিলে বোলে এই হাঁচটি বড়ফুকনক দেখাই মোৰ অৰ্থে মাতিব। মানুহ যে গুচালে দেহ ৰক্ষা নপৰে হেন জানে। পাচে চেঙ্গই ফুকনে পানিফুকনত নামডঙ্গিয়া ফুকনত বুঢ়া গোহাঞি যিৰূপে বুলিছিল সকলোখানি কলে। পাচে তিনিও বোলে বড়ফুকনত আমাৰ চাৰিৰো মানুহ গৈ এই খান জনাওক গৈ। সেই চাৰি মানুহে আহি বুড়া গোহাঞি যিৰূপে বুলিছিল হাঁচটি দেখাই সেইৰূপে জনালত বড়ফুকনে বোলে আমাৰ ৰাজ্যত তিনি জনা গোহাঞি ডাঙ্গৰ মানুহ, ই অযুগুত বচন কিয় বুলিছে। অকথা অসুয়াৰ পৰা যি হৈ গৈছে তাক সকলোৱে দেখিছে শুনিছে। আমাৰ পৰা এই