সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭৪
অসমীয়া সাহিত্যৰ চানেকি

অদিতি দেৱকী ভৈলা কন্যা দেৱকৰ।
তিনি জন্মে পুত্ৰ ভেলো মই দুইহান্তৰ॥
পূৰ্ব্বৰ তপৰ ফলে তোৰা দুই জন।
পৰিপূৰ্ণ মোক পুত্ৰ পাইলাহা এখন॥

তোৰা দুই ভজা মোক পুত্ৰ ভাৱ কৰি।
নহে ব্ৰহ্ম ভাৱে মোক থাকাহা সুমৰি॥
অৱশ্যে লভিবা মোক নাহিকে প্ৰয়াস।
জাৱন্তে মুকুত হৈবা পাইবা মোৰ বাস॥

কংসক সংশয় যেবে যশোদা ভবন।
শীঘ্ৰ মোক লৈয়া ভুমি কৰিয়ো গমন॥
যশোদাৰ গৃহে মোক থৈয়া মহামতি।
তান কন্যা যোগমায়া আনিবা সম্প্ৰতি।

এহি বুলি দেৱ হৰি দুইহানো সাক্ষাত।
বালক স্বৰূপ ভৈল মায়ায়ে তথাত॥
দিগম্বৰে পৃথিবীত কৰিছা শয়ন।
শ্যাম কলেবৰ শিশু অতি বিতোপন॥

হেনয় শিশুক দেখিলন্ত দুয়োজন।
বিষ্ণুৰ মায়ায়ে মোহ ভৈল দুয়োজন॥
সূতিকা মন্দিৰে কিবা দেখিলা সপোন।
হেনয় মনত মানিলন্ত দুয়োজন॥

কোলে লৈয়া দেবকীয়ো দিলা মুখে স্তন।
সেহি বেলা দুয়ো কৰিলন্ত আলোচন॥
কোলাত শিশুক লৈয়া কৰিলন্ত গতি।
বসুদেৱে শীঘ্ৰ কৰি গোকুলক প্ৰতি॥

আপুনি নিহল দ্বাৰ সবে মুক্ত ভৈল।
অনন্তে আসিয়া শিৰে ছত্ৰক ধৰিল॥
ইতিহাস এক কহো শুনিয়ো মহন্ত।
যমুনাৰ তীৰ যেবে শৌৰিয়ে পাইলন্ত॥