সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি

ছেদা গৈয়া দুই খান পৰে অকস্মাৎ।
প্ৰলয় কালত যেন বজ্ৰ হই পাত॥
ৰণ কাটি সুধন্বা হৰিষ বহু হয়।
বাহুক্ষেপ কৰিয়া বুলিলা জয় জয়॥

চন্দ্ৰৰ মণ্ডল কম্পে বাণ ছেদা দেখি।
দেখিয়া অৰ্জ্জুন হৈল মনত অসুখী॥
কৃষ্ণে বোলে অৰ্জ্জুনযে স্থিৰ কৰ চিত্ত।
প্ৰতিজ্ঞা পূৰিব তোৰ মনৰ বাঞ্ছিত॥

সমুখৰ অৰ্দ্ধ খান গৈয়া অকস্মাৎ।
অলক্ষিতে কাটি পাৰে সুধন্বাৰ মাথ॥
সুমেৰুৰ শৃঙ্গ যেন ভাঙ্গিল পবনে।
শিৱে কোপানলে যেন দহিল মদনে॥

তাপ দিয়া যেন মতে সূৰ্য্য অস্ত গৈল।
তেন মতে সুধন্বা পৰিল ৰণ স্থল॥
তা দেখিয়া সৰ্ব্বলোক হৈল চমকিত।
আকাশৰ চন্দ্ৰ যেন পড়িল ভূমিত॥

জৈমিনি বদতি কথা মহাভাৰতয়।
সুধন্বাৰ বধ উনবিংশতি অধ্যায়॥
ভকতৰ ব্যৰ্থ নাহি প্ৰতিজ্ঞা লঙ্ঘন।
অৰ্জ্জুনৰ বাক্য ৰাখিলন্ত নাৰায়ণ॥

হেন জানি নৰ লোক এড়া আন কাম।
দুৰ্গতি যেন নাশ হোক বোলা ৰাম ৰাম॥