মনুষ্য নহিকে তুমি জানিলো নিশ্চয়।
তোমাৰ অসাধ্য বাধা কিছু নাহিকয়॥
তুমিসে হৰিৰ প্ৰাণ হৰিয়ো তোমাৰ।
এক বেদে নকহয় ভেদক তোমাৰ॥
পূৰ্ব্বত আছিলা তুমি গোলোক স্থানত।
যশোদাৰ সুত কৃষ্ণ তথা আছিলন্ত॥
তাক কি নাজানিয়া আছা মহাসতী।
কেনে ধৰি আছা তুমি মনুষ্য আকৃতি॥
আৰু যিতো বৃন্দাবন আতি মনোহৰ।
শ্ৰীবাস মণ্ডল তাত দেখিতে সুন্দৰ॥
তাহাক জানাহা তযু কিবা অবিদিত।
জানা ভুমি আৰু ৰতি চৌৰৰ চৰিত॥
যিতো ৰতি চৌৰে হৰে যুৱতীৰ মন।
কাম শাস্ত্ৰ সমস্তক জানে সৰ্ব্বক্ষণ॥
নন্দ সুত কৃষ্ণ পাছে সেহি সময়ত।
আসি নত থাকে শীঘ্ৰে হৰিষ মনত॥
পুৰ্ণ চন্দ্ৰ সম যাৰ শৰীৰ শোভয়।
ৰত্নৰ মুকুটে শোভা কৰিয়া আছয়॥
ডাৰিম্বৰ বীজ দন্ত পান্তি সুশোভন।
মুৰুলী হস্তত হৰে যুবতীৰ মন॥
কৌটি কন্দৰ্পৰ সম প্ৰকাশে শৰীৰ।
গুণাতীত কৃষ্ণ যিতো পূজ্য ব্ৰহ্মাদিৰ॥
শ্ৰুতি নিৰোপিত যিতো ৰূপ ব্ৰহ্মময়।
চৈধ্যয় ভুবন আৰ উদৰে থাকয়॥
অব্যক্ত অক্ষৰ জ্যোতি ৰূপ সনাতন।
মাঙ্গল্য মঙ্গলধাম কমল লোচন॥
পীত বস্ত্ৰ দুই খানি শোভিছে গাৱত।
হেন কৃষ্ণ দৃষ্ট ভৈল ৰাধাৰ আগত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৭৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২৯
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।