মাৰুতি বোলয় শুন শুন মল্লবাই।
তোৰ বাক্যে আছোঁ মই আনন্দক পাই॥
তথাপিতো তোৰ বৰ্ত্তা চিত্ত জানো সাৰ।
মোকে সে ভণ্ডিতে জানো চাস আৰো বাৰ॥
তাতো মোৰ শঙ্কা নাই জানিবি নিশ্চয়।
তাৰো ফুল অল্পতে লভিবি দুৰাশয়॥
মাৰুতিৰ কথা আবে এহি মানে থওঁ।
ভৌমৰ বিচেষ্টা যেন মত তাক কওঁ॥
শুনা সভাসদ ইতো কথা অনুপম।
শ্ৰীৰাম দাসৰ চেষ্টা শক্ৰঞ্জয় নাম॥
শিষ্য ভৰদ্বাজত বাল্মিকী কৈলা যাক।
ভবিষ্যত কতো ভূত কৰি কৈলোঁ তাক॥
ইদোষ ক্ষমিয়ো মোৰ বুদ্ধ সবে চাই।
মূৰ্খৰ নধৰে দোষ বিজ্ঞ সবে পাই॥
অৱতাৰ কথাৰ প্ৰসঙ্গ কৰি যথা।
প্ৰাসঙ্গিক কৰি কৈলোঁ শত্ৰুঞ্জয় কথা॥
ইহাক ক্ষমিবে যোগ্য হোৱে পণ্ডিতৰ।
নানা ৰস কাব্যে দিয়ে কবি নিৰন্তৰ॥
এতেক ইহাত প্ৰস্তাবিক ৰস যত।
নানা শাস্ত্ৰ হন্তে আনি কৰিলোঁ বেকত॥
নানা ৰত্নে যদি সুবৰ্ণক চিত্ৰ কৰে।
তাক কি মহন্ত সবে দেখি অনাদৰে॥
আৰু দেখি আছি বহু আদৰ কৰয়।
অনাদৃত ভৈলে কেনে কণ্ঠত ধৰয়॥
এতেকে সবাকে বোলো কৃতাঞ্জলি কৰি।
মই দুৰ্ব্বোধৰ সবে দোষ পৰিহৰি॥
শ্ৰীৰাম দাসৰ কথামৃত পান কৰি।
তৰা ভব ৰোগ ডাকি বোলা হৰি হৰি॥
⸻