মাধৱে বোলন্ত বুঢ়ী চিন্তা নকৰিবি।
অল্পতে আসিব তোৰ পুতেৰ জানিবি॥
নাহিকে মৰণ বুঢ়ী পুতেৰৰ তোৰ।
জানিবি বচন বুঢ়ী নিষ্ঠ কৰি মোৰ॥
হেন শুনি ক্ৰন্দন এড়িল বুঢ়ি বেটী।
তাপ দূৰ ভৈল যেন অমৃতৰ বৃষ্টি॥
এক কায বুঢ়ী তই আমাৰ কৰিয়ো।
চাউল দেন দুই মান কিনি আনি দিয়ো॥
বুঢ়ী বোলে চাউল বাপু কিনিবে নলাগে।
দোন দুই আঢ়াই চাউল দিল আনি আগে॥
সেৰেখন লোণ তেল টেকেলি খেনেক।
মুগ ডালি আদ দোন খেনেক দিলেক॥
মাধৱে বোলন্ত দৰ দেহ দেওঁ কড়ি।
নলগয় কড়ি বাপু বুলিলেক বুঢ়ী॥
পুত্ৰৰ বাৰ্ত্তাক মোত কহিলাহা তুমি।
তোমাক কি দিবোঁ বাপু নিমাখিতি আমি॥
হেন শুনি সবে সাজ মাধৱে লৈলন্ত।
শঙ্কৰদেৱৰ সবে পাশক গৈলন্ত॥
দেখিয়া শঙ্কৰে হাসি বুলিলন্ত বাণী।
মাধৱে সকলে সাজ ঠেকাইলন্ত আনি॥
কহিলা মাধৱে কথা শঙ্কৰদেৱতে।
চাউল আদি বস্তু সব পাইল যেন মতে॥
শুনিয়া শঙ্কৰদেৱে হাসি তুলিলন্ত।
ৰামৰাম গুৰু আদি সমস্তে হাঁসন্ত॥
শঙ্কৰে বোলন্ত মিছা মাধৱ মাতিলা।
ভুৰুকাই সবে সাজ বুঢ়ীৰ আনিলা॥
মাধৱে বোলন্ত আতা মিছা নমাতিলোঁ।
গুণি চাৱা সবে কথা স্বৰূপ কহিলোঁ॥
১৬৩