পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭৮
অসমীয়া সাহিত্যৰ চানেকি।

যেন তাৰাগণ সহিতে ৰোহিনী
 শোভন্ত দিব্য বিমানে।
সেহিমতে শোভা কৰন্ত গান্ধাৰী
 সঙ্গে পুত্ৰবধুগণে॥
দেখিয়া দ্ৰৌপদী কৰিলা প্ৰণাম
 পৰম আনন্দ মনে।
বসিবাক প্ৰতি আসন বহাই
 দিল পুত্ৰবধুগণে॥
উঠি ৰঙ্গমনে বসিলা তেখনে
 কৃষ্ণা, ৰাজ পটেশ্বৰী।
দ্ৰৌপদীৰ শ্ৰীক দেখি নসহিলা
 কৌৰৱৰ যত নাৰী॥
দ্ৰৌপদীক বেঢ়ি বসিলা চৌপাশে
 যতৰাজ মহাদই।
তাম্বুল যোগায় চৰণ পখালে
 বিঞ্চয় চামৰ লই॥
পাছে দ্ৰৌপদীৰ চৰণ বন্দিলা
 কৌৰবৰ ভাৰ্য্যাগণে।
তাসাম্বাক ৰাজ যোগ্য অলঙ্কাৰ
 দিলা দেবী ৰঙ্গমনে॥
দেবী পঞ্চামৃত ভোজন কৰাইলা
 পঞ্চাধিক শত ভাই।
দিব্য সিংহাসনে শয়ন কৰিলা
 যুধিষ্ঠিৰ মহাৰাই॥
ভীম ধনঞ্জয় আদি চাৰি ভাই
 ভিন্ন ভিন্ন ঘৰে ৰৈলা।
নানা ৰতিৰঙ্গে হাসন্তে খেলন্তে
 ৰজনী প্ৰসন্ন ভৈলা॥