পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮৭
মহাভাৰত—ভীষ্ম পৰ্ব্ব।

দেখা আজি কেন কৰোঁ, অম্বাৰ মান্যক সাৰোঁ,
 এহি বুলি লৈলোঁ ধনুবান।
গুৰুপদ গোপালৰ, মনে ধৰি নিৰন্তৰ,
 বোলাঁ ৰাম ভণে পঞ্চানন॥

পদ।
ভীষ্ম আৰু পৰ্শুৰামৰ যুদ্ধ।

ভীষ্ম নিগদতি শুনা ৰাজা যুধিষ্ঠিৰ।
মোহোৰ বচন শুনি ৰাম মহাবীৰ॥
অসংখ্যাত শৰ মাৰি আকাশে চানিলা।
যুদ্ধ দেখিবাক লাগি ত্ৰিদশ আসিলা॥

গুৰুৰ শিষ্যৰ যুদ্ধ চাহিবাক মনে।
বিমানত দেৱগণ ৰহিলা গগণে॥
ইন্দ্ৰ আদি কৰি দেৱগণ যত যত।
যুদ্ধ চাহিবাক লাগি ৰৈলা আকাশত॥

হংসৰ ওপৰে আসিলন্ত সৃষ্টিকৰ।
ঋষিগণ আসিলন্ত দেখিতে সমৰ॥
ময়ূৰে আসিলা দুই অশ্বিনী কুমাৰ।
ৰাজাগণ আসিলন্ত যুদ্ধ চাহিবাৰ॥

অপেস্বৰা গন্ধৰ্ব্ব যতেক স্বৰ্গবাসী।
যুদ্ধ চাহিবাক সবে ৰহিলেক আসি॥
পৃথিবীৰ ৰাজাগণ যত আছিলেক।
ৰথে চৰি সবে কুৰুক্ষেত্ৰে আসিলেক॥

ৰামক বুলিলোঁ পাছে চড়িয়া ৰথত।
মোক শৰ গুৰু তুমি কৰাঁ প্ৰথমত॥
পাছে শৰ কৰোঁ মই কিছু দোষ নাই।
আগে শৰ হানো যদি দেখিবে অন্যায়॥

১৭৫