এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯৪
অসমীয়া সাহিত্যৰ চানেকি।
তথাপিতো ভীষ্ম মোক নেনিলেক ঘৰে।
কহিয়োক প্ৰাণ ত্যজিবোহো কাৰ তৰে॥
শাল্বে নৰাখিলে ভীষ্ম কৰিলা নৈৰাশ।
কাৰ বধে অগনিত কৰিবোহো জাস॥
অনন্তৰে ৰামদেৱে অম্বাক বুলিলা।
ভীষ্মৰ কাৰণে তোক শাল্বে নৰাখিলা॥
তোৰ পাণি যাতো ভীষ্ম কৰিলা গ্ৰহণ।
শাল্ব ৰজা তোক নৰাখিলে সিকাৰণ॥
এতেকতে জানা অম্বা বধিতে ভীষ্মক।
ত্যজ প্ৰাণ এহি বুলি গৈলা আশ্ৰমক॥
অম্বায়ো ৰামৰ বাক্যে মনে আনুমানি।
জাহ্নবীৰ তীৰ যায় কাষ্ঠচয় অনি॥
মনত বিষাদ বৰ পায়া অপমান।
অনন্তৰে অম্বা সাজিলেক চিতাখান॥
অম্বাৰ চৰিত্ৰ যিটো শুনে একমনে।
নাহি অধৰ্ম্মক শঙ্কা ইতিনি ভুবনে॥
দেৱ গোপালৰ পাদপদ্ম ধৰি মনে।
বোলে ৰাম ৰাম ভণে বিদ্যাপঞ্চাননে॥
⸻
লেছাৰী।
অম্বাৰ চিতা আৰোহণ।
ভীষ্ম বলে শুনা যুধিষ্ঠিৰ, মোৰ বধহেতু গঙ্গাতীৰ,
যাই কাষ্ঠচয় কৰিলেক একথান।
চাই আছে যত ৰাজাগণে, মোত বৰ কোপ মন ঘনে,
আপুনি নিৰ্ম্মাণ কৰিলেক চিতাখান॥