দ্বাৰীক বোলয় কহ নৃপতিৰ ঠাই।
মল্লকপি ৰাজ দূত আসি আছোঁ মই॥
প্ৰতীহাৰে কহিলন্ত নৃপতিত যাই।
নমস্কাৰ কৰি বোলে আদেশ গোসাঁই॥
মানস গিৰিৰ কপি মল্লৰাজ দূত।
তোমাক দেখিতে আসি আছে মহাদ্ৰুত॥
শুনিয়া নৰকাসুৰ আনন্দিত মন।
সভাক লাগিয়া দূত নিয়াইলা তেখন॥
পুচিলা কুশল আগমনৰ কাৰণ।
নমস্কাৰ কৰি দূতে বুলিলা বচন॥
তুমি মহামিত্ৰ যাৰ হৈয়াছ সহায়।
সিজনৰ কুশল একো থানে নাই॥
যদি কোনো অকুশল মিলে প্ৰমাদত।
হেলায়ে তৰিবা পাৱে তযু প্ৰসাদত॥
তোমাৰেসে অধিকাৰ তানে ৰাজ্যভাৰ।
তোমাৰো যতেক কাৰ্য্য তেহে অধিকাৰ॥
দুহানো যিমত ইষ্ট প্ৰখ্যাত লোকত।
নহৈব নাহৈব বুলি কহে জগতত॥
এতেকে পুচিতে যোগ্য কুশলাকুশল।
তোমাৰ কুশলে তান পৰম মঙ্গল॥
কিছু অথন্তৰ তথা মিলিয়া আছয়।
তাহাক কহওঁ মই শুনা মহাশয়॥
বালি নাম কপিৰাজ কিষ্কিন্ধাৰ পতি।
অনেক ভালুক সেনা কৰিয়া সঙ্গতি॥
কৰি দিগবিজয় জিনিয়া কপিৰাজ।
দূতক পাঞ্চিতে গৈলা আমাৰ সমাজ॥
মানসোত্তৰৰ যত আছে কপিবৰ।
নাম শুনি বালিৰ বৰিল নিৰন্তৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৯২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪৮
অসমীয়া সাহিত্যৰ চানেকি