যৌবনাশ্ব নীলধ্বজ কৰ্ণৰ নন্দন।
সত্যৰ্কী সহিতে কৰি এই পাঞ্চজন॥
সৌভৰি মুনিৰ তথা আছয়ে আশ্ৰম।
আতি বিচক্ষণ পুৰি নাহিকে উপাম॥
বসি আছে মহামুনি আশ্ৰম ভিতৰ।
জ্বাজ্বল্য সমান তেজ উদিত ভাস্কৰ॥
পৰিচয় দিয়া কথা কহে আপোনাৰ।
ভক্তিয়ে মুনিৰ পদে কৰি নমস্কাৰ॥
শিষ্য উপশিষ্য লৈয়া শাস্ত্ৰ বিচাৰয়।
হেন কালে পাৰ্থ গৈয়া তথাতে মিলয়॥
যুধিষ্ঠিৰ নামে ৰাজা হস্তিনা পুৰয়।
জ্ঞাতি পাপ ভয়ে তেহে যজ্ঞক কৰয়॥
ধনঞ্জয় নাম মোৰ অনুজ তাহাৰ।
সৈন্য লৈয়া আসি আছো ঘোড়া ৰাখিবাৰ॥
বিপৰীত ফল তাতে কিহেতু নাজানি।
ইহাৰ বৃত্তান্ত মুনি কহা তভো শুনি॥
ইহা শুনি হাসি বোলে সৌৰভি মহামুনি।
তাৰ্জ্জুনকে সম্বোধিয়া বুলিলেক বাণী॥
অকাৰণে বোলা তুমি জ্ঞাতি কৈলে বধ।
তোমাৰ সম পৃথিবীত নাহিকে মুগধ॥
আপুনে স্ৰজিয়া সৃষ্টি আপুনি যে মাৰে।
মনে তুমি ভাবি চাহা কিবা কাক পাৰে॥
সংসাৰ হৰিৰ লীলা শুন নৰবৰ।
কীট লতা গিৰি বৃক্ষ যত চৰাচৰ॥
ভক্তি ৰূপে যেই তুমি স্মৰয়ে জগন্নাথ।
শত অশ্বমেধ তুল্য কহিলো তোমাত॥
হেন হৰি থৈয়া তুমি সাৰথি ভাৰসা।
যজ্ঞৰ কাৰণ তুমি মিছা কৰ আশা।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৭৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি