পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০৭
মহাভাৰত।

পুছিয়োক কোন ঠাই থাকন্ত ব্ৰাহ্মণ।
কোন স্থানে থাকা কাৰ পুত্ৰ প্ৰয়োজন।
ৰাধাৰ তনয় কৰ্ণ বীৰ বলিয়াৰ।
ৰণমধ্যে যুজিবাক শক্তি আছে কাৰ॥

কিন্তু ৰামচন্দ্ৰ ইন্দ্ৰ আৰো ধনঞ্জয়।
দৈৱকীৰ পুত্ৰ কৃষ্ণ কৃপা মহাশয়।
এহি পাঞ্চ জন বিনে কৰ্ণক ৰণত।
জিনিবাক নুৱাৰন্ত কেৱে জগতত॥

দেখিয়োক অৰৰ কেন ভৈল বিপৰ্য্যয়।
শৈল্য নৃপতিক ৰণে ব্ৰাহ্মণ জিনয়।
যিতো মহাবলৱন্ত শৈল্য নৰপতি।
ৰণত জিনিৰ তাক কাহাৰ শকতি॥

কিন্তু বলভদ্ৰ আৰো ভীম মহাশয়।
এহি দুই জন বিনে কেহো নুৱাৰয়।
হেনয় শৈল্যক বিপ্ৰে পেলাইলা ভূমিত।
দেখিয়োক ৰাজাগণ কেনে বিপৰীত॥

মহাবলৱন্ত কৰ্ণ শৈল্য নৰপতি।
হেনয় বীৰক জিনে ব্ৰাহ্মণে সম্প্ৰতি
নিশ্চয় জানিলোঁ দুই নুহিকা ব্ৰাহ্মণ
ছদ্ম কৰি আসি আছে জানা কোন জন॥

একবাক্য বোলল শুনা সমস্তে নৃপতি।
ব্ৰাহ্মণক যুজিবাক লাগে সম্প্ৰতি।
দ্ৰৌপদীক লৈয়া যাওঁ আসা সবে ধৰি।
পাছে যদি বিপ্ৰে খেদি আসে দৰ্পকৰি॥

ব্ৰাহ্মনক বেঢ়ি পাছে সবে ৰাজাগণে।
একে লগে যুদ্ধ কৰো সবে ৰাজাগণে
এহি বাক্য ৰাজাগণে বুলিতে আছন্ত।
তাক দেখি ৰাম কৃষ্ণে মনত গুণন্ত॥