পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬৬
অসমীয়া সাহিত্যৰ চানেকি।

ভগিনীক তেজা বাজী ধৰ্ম্ম পথ চাই।
শিষ্ট অনুপানে তুমি আছাহা বঢ়াই॥
কোটি বিধ জ্ঞানী আছে তোমাৰ সভাত।
বধৰ কথাক তুমি পোছা তাসম্বাত॥

যদি তোমাৰ মনে সংশয় লাগয়।
ইহান অষ্টম গৰ্ভে অপত্য যিহয়॥
তোমাৰ হাতত দিবো সেহি অপত্যক।
সেহি অপত্যক কিবা সাধিবে কাৰ্য্যক॥

নহেবা ইহান গৰ্ভে অপত্য যতেক।
তোমাত অৰ্পিবো নিয়া দেখিবা প্ৰত্যেক॥
তুমি সম বন্ধু মোৰ আছে কোন আন।
কন্যা তুল্যা ভগিনীক নবধা পৰাণ॥

বসুদেৱ বাক্য সত্য মানি কংস মনে।
দেৱকীক এড়িলন্ত মনত বিকলে॥
দেৱকী সহিতে পাছে বসুদেৱ সন্ত।
মনত বিষাদে নিজ গৃহ পশিলন্ত॥

কতোদিন অন্তৰে দেৱকী দেবী সতী।
বসুদেৱ বীৰ্য্য হন্তে ভৈল গৰ্ভৱতী॥
কীৰ্ত্তিমন্ত সম্মৰ্চ্ছন ঋজু ভদ্ৰসেন।
দেৱকীত জন্মিলন্ত সুভদ্ৰ সুসেন॥

এক এক কৰি ক্ৰমে বসুদেৱ সন্ত।
কংসৰ আগত নিয়া ছয়কো দিলন্ত॥
ক্ৰমে ছয় পুত্ৰক বধিল কংস ৰাই।
মহা দুষ্টমতি সিতো ঘাতুক পৰাই॥

সত্যক পালিয়া দিলা পুত্ৰ মনোহৰ।
কোননো ইত্যজ আছে মহন্ত সবৰ॥
পাছে সপ্তম যে গৰ্ভ ভৈল দেৱকীৰ।
ভয়ত ৰখিয়া দিলা কংসে কৰি থিৰ॥