এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৩৬
অসমীয়া সাহিত্যৰ চানেকি
ক্ৰীড়া কৰিবাৰ যোগ্য ইতো স্থান,
ভ্ৰমৰায়ে কৰে নাদ।
যোগী সকলেও যাহাতে প্ৰবেশি,
হৱয় আতি উন্মাদ॥
হেনয় আশ্ৰম কৰিয়া নিৰ্ম্মান,
গঢ়ৰ বাহিৰে চলে॥
উত্তম আলিক নিৰ্ম্মিবে লাগিলা,
সেহিসে যক্ষ সকলে।
মণি বিৰচিত স্তম্ভ আছে তাত,
দেখিতে আতি বিচিত্ৰ।
জলমল কৰে নাহি পটন্তৰে,
দেখি আতি বিপৰীত॥
শত্ৰুৰ দুৰ্গম মিত্ৰৰ সুগম,
নিৰ্ম্মিল কৃষ্ণ ইচ্ছাই।
হৰি কৃপা বিনে উহাক নিৰ্ম্মিবে,
কাহাৰো শকতি নাই॥
খাইৰ পাৰত নিৰ্ম্মিলন্ত গঢ়,
মণিয়ে খচিত তাত।
উচৃত সতেক ধনুৰ প্ৰমাণ,
বহলে পঞ্চিশ হাত॥
সিন্দুৰ আকাৰ শোভাকৰে সিতো,
দেখিতে আতি সুন্দৰ।
বিশ্বকৰ্ম্মে যাক নিৰ্ম্মিয়া থৈলন্ত,
কৰিয়া আতি সাদৰ॥
বাহিৰে দোগোটা ভিতৰত সাত,
নিৰ্ম্মিলা গঢ় শোভন।
এহি গঢ় চয়ে নন্দৰ ঘৰক,
নিৰুধি থৈলা যতনে॥