কতো দূৰে যাই দেখে বৰ বালাখান।
অগনিৰ কণিকা উফৰে ঘনে ঘন॥
বিস্ময় দেখিয়া পাছে মনে গুণিলন্ত।
দূতক সম্বুধি হেন কথা পুছিলন্ত॥
অগ্নিময় বালুকাত যাইবোঁ কেন কৰি।
যাহন্তে পোড়য় মোৰ জানো হাত ভৰি॥
ওপৰত আৱাঁ সূতা তলে খুৰধাৰ।
কতো দূৰে দেখে যাই আগে পয়োসাৰ॥
চাৰি পাশে পথ যাই নিহালি নিহালি।
মনত বোলয় পড়ি মৰিবো সমূলি॥
মায়াবলে দূত যাই তাহাব ওপৰে।
ভৰি পিছলিয়া জানো পৰো খুৰধাৰে॥
কৃষ্ণ কৃষ্ণ বুলি তাত বেগ দিয়া গৈল।
হৰিৰ প্ৰভাৱে কিছু বিঘিনি নভৈল॥
এহিমতে পথত যাহন্তে তিনি জন।
ভয়ঙ্কৰ গৰ্ত্ত পাছে পাইল। তেতিক্ষণ॥
একো দিকি পথ নাহি দেখি অন্ধকাৰ।
হুইবাক লাগয় সেহি গৰ্ত্তে পয়োসাৰ॥
নেই পাতকীক তাত তল মুণ্ড কৰি।
তাহাক তৰিলা হৰি নামক সুমৰি॥
নামৰ মহিমা দেখা কিনো বিপৰীত।
সাধু সকলক বিঘ্নি নপাৰে লঙ্ঘিত॥
কতো দূৰে দেখে পাছে বজায়া গৰ্ত্তৰ।
নগৰ নিকটে নদী বহে খৰোতৰ॥
গহীন গম্ভীৰ আতি নাহি তাৰ পাৰ।
দূতে বোলে বৈতৰণী নদী নাম আৰ॥
যাইবে লাগে আমি নদ, নদীক এড়াই।
তেবেসে পাইবোহোঁ ধৰ্ম্ম নৃপতিৰ ঠাই॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৬৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২৪
অসমীয়া সাহিত্যৰ চানেকি