পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬৭
মহাভাৰত—অশ্বমেধ পৰ্ব্ব।

অৰ্জ্জুনৰ আগে পৰি আছে বৃষকেতু।
হেন কৰ্ম্ম ফলি আছে নাজানি কোন হেতু॥
হেন বুলি ভীম বীৰ কৰন্ত বিলাপ।
হাহা পাৰ্থ কিৰূপে সহিবো তোৰ তাপ॥

ভীমে বোলে হেন কৰ্ম্ম কৈল যেই জন।
গদা বাৰি মাৰি তাৰ লৈবোহোঁ জীৱন॥
ভীমৰ বচন শুনি বব্ৰুবাহা বীৰে।
শোকে তনু দহে পুনু বোলে ধীৰে ধীৰে॥

পৰিচয় দিয়া বীৰে কহে গদ গদ।
মইসে পাপীষ্ঠে কৈলো তোমাৰ ভাতৃ বধ॥
বৃষকেতু প্ৰভৃতি যতেক বীৰগণ।
দাৰুণ সমৰে সবে কৰিলো নিধন॥

পিতৃ বধ কৰিলো পাপিষ্ঠ আমি চাৰ।
ইহলোকে পৰলোকে নাহিকে নিস্তাৰ॥
এই গদা ঘাৱে মোৰ ভাঙ্গিয়ো পৰাণ।
তেবে শোক সন্তাপ হৈব সমাধান॥

কৃষ্ণৰ সাক্ষাতে বব্ৰুবাহা কহে পুনি।
কৰপুত দিয়া তেবে কহন্ত অৰ্জ্জুনী॥
সমৰে বধিলো পিতৃ মই কুলাঙ্গাৰ।
উলুপিৰ উদ্দেশ্যে গৈলো মণি অনিবাৰ॥

নাগলোক জিনিয়া আনিলো দিব্য মণি।
আচম্বিতে শিৰ কোনে হৰিলা নাজানি॥
বেঢ়িয়া ৰাখিলো সৈন্যগণে চাৰি ভিতে।
কোন দুষ্টে আসি শিৰ নিলে আচম্বিতে॥

কোন বুদ্ধি কৰি পাপী জীয়াইবে জনক।
কৰুণা সাগৰ প্ৰভু বুদ্ধি বোলা মোক।
নহে মোৰ শিৰচ্ছেদ কৰা চক্ৰ হানি।
পাপ দেহ আমাক নাছাৰা চক্ৰপাণি॥