মনিশ্ৰেষ্ঠ হীৰা মুক্তা মালা মনোহৰ।
সুৱৰ্ণৰ পদ গণ দিলন্ত বিস্তৰ॥
জলৰ দিলন্ত পাত্ৰ শুদ্ধ সুবৰ্ণৰ।
ভোজনৰ পাত্ৰ দিলা অতি ৰুচিকৰ॥
ষড় ৰত্নে বিভূষিতা কন্যা সুৱদনী।
শত চন্দ্ৰ সম শোভা কমল নয়নী॥
কন্যা সমে বসুদেৱ ৰথত চড়িল।
ৰঙ্গে প্ৰজা গণো তান লগত চলিল॥
হৰ্ষে কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি।
সেহি বেলা ৰথৰ ধৰিলা বাঘজৰী॥
সেহি ৰূপে একে লগে কৰয় গমন।
সি বেলা শুনিলা ৰাজা আকাশী বচন॥
কংসক সম্বুদ্ধি বাক্য বোলয় গগণ।
নেদেখি শৰীৰ বাণী শুনিলা তেখন॥
কিয় কৰ হৰ্ষ ৰাজা শুনা সত্যবাক।
ইহেন অষ্টম গৰ্ভে বধিব তোমাক॥
দেবকীৰ অষ্টম তনয় কংস ৰাজ।
তোহোৰ হৈবেক মৃত্যু নাহিকয় বাজ॥
আকাশী বচন শুনি ভয়ে কংসৰাই।
ক্ৰোধে কম্পমান ভৈল থিৰ নোহে কাই॥
সনাইত তিখান খড়গ সিতো তুলি লৈল।
দেৱকী দেবীক কাটিবাক সাজ ভৈল॥
হেন দেখি সুপণ্ডিত বসুদেব সন্ত।
নীতি শাস্ত্ৰ জ্ঞানী নীতি বাণী বুলিলন্ত॥
বসুদেৱ নিগদতি শুনা নীতি বাণী।
ৰাজ নীতি নজানাহা তুমি মহামানী॥
ইহাঙ্ক বধিলে দুস্কৃতিৰ নাহি পাৰ।
নৰককো নেদেখাহা নাহিকে নিস্তাৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩০৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬৪
অসমীয়া সাহিত্যৰ চানেকি।