এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮৬
অসমীয়া সাহিত্যৰ চানেকি।
পাছে বৃন্দাবন যাইবে ভৈল মন
শঙ্কৰ দেৱৰ জানি।
ৰামৰাম গুৰু ৰামৰায় আদি
উল্লসিল সবে প্ৰাণী॥
মনত উৎসুক কৰন্ত কৌতুক
আমি যাইব বৃন্দাবন।
আই গোসানীৰ বচন সুমৰি
মাধৱৰ নাই মন॥
বোলন্ত শঙ্কৰে মাধৱ তোমাৰ
উৎসুক নেদেখোঁ মনে।
নিৰন্তৰে লোক কৰয় কৌতুক
চলি যাই বৃন্দাবনে॥
বোলন্ত মাধৱে নপাৰিবোঁ আতা
মই যাইবে বৃন্দাবন।
শুনিয় যিমত নেদেখি সিমত
কুচিত কৰিব মন॥
কৃষ্ণৰ লগৰ বিনোদ সকল
কৃষ্ণৰ লগতে গৈল।
আবে সেহি কেলি বিনোদ কৌতুক
তোমাৰ সঙ্গতে ভৈল॥
তোৰা সব যায়ো বৃন্দাবন চায়ো
আমি চলি যাইবোঁ ঘৰ।
মাধৱৰ বাণী মনে অনুমানি
বুলিলা পাছে শঙ্কৰ॥
মাধৱ চলিয়ো বৃন্দাবন যায়ো
তথাত ভকতচয়।
আছে তাসম্বাক দেখি গৈয়া হৌক
আমাৰ ভাগ্য উদয়॥