সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০৪
অসমীয়া সাহিত্যৰ চানেকি

কৰ্ণ আদি কৰি ৰাজা গণক দেখিয়া।
ক্ৰোধ কৰি দুই ভাই গৈলন্ত খেদিয়া।
ৰাজা গণে বুলিলন্ত অন্যো অন্যে চাই।
দেখা দুই গুটি বিপ্ৰে খেদিয়া আসিয়া॥

ৰণে পশি যিতো বীৰ যুদ্ধক কৰন্ত।
ক্ষেত্ৰিয় সহিতে যুদ্ধ কবিয়া মৰন্ত।
শুনিছোঁ লাগে ব্ৰহ্মবধ ক্ষত্ৰিয়ত।
এহি বুলি ৰাজাগণ পশিলা ৰণত॥

ৰণত পশিয়া পাছে সমস্তে নৃপতি।
ব্ৰাহ্মণ গণক খেদি গৈলন্ত সম্প্ৰতি।
পাচে ৰাধা সুত কৰ্ণ মহা বলৱন্ত।
মহা ক্ৰোধে অৰ্জ্জুনক খেদিয়া গৈলন্ত॥

ঋতুমতী গোৰ অৰ্থে যেন বৃষ দুই।
আন্যো অন্যে মহাক্ৰোধে ভিৰিয়া যুঝায়।
এহি মতে কৰ্ণ সম অৰ্জ্জুন মহন্ত।
মত্তহস্তী গোট যেন হস্তীক যুজন্ত॥

মহাবলৱন্ত বীৰ শৈল্য নৰপতি।
ভীনসেন সমে যুদ্ধ লাগিল সম্প্ৰতি।
দুৰ্য্যোধন আদি কৰি নৃপতি সকল।
বিপ্ৰগণ সমে তাৰ কন্দল লাগিল॥

অৰ্জ্জুনে দেখন্ত কৰ্ণ খেদিয়া আসয়।
ধনু খান হাতে তুলি লৈলা মহাশয়।
আকৰ্ণ সমান কৰি টানি ধনুখান।
ধনুত যুৰিলা আনি তিনি গোট বান॥

কৰ্ণৰ হৃদিত দৃঢ় কৰি হানিলন্ত।
এক শৰ হানি তাৰ ধনু কাটিলন্ত।
শৰ ঘাৱে কৰ্ণ বীৰ জৰ্জ্জৰিত ভৈল।
বিমোহিত হুয়া বীৰ ৰথে পৰি ৰৈল॥