কাল সৰ্প যেন শোভে খড়েগ তীক্ষ্ণধাৰ।
আদিত্যৰ কান্তি লাগি কৰে চমৎকাৰ॥
সুবৰ্ণ ৰচিত খড়েগ চৰ্ম্ম চয় জ্বলে।
তাৰাগণ জ্বলে যেন গগণ মণ্ডলে॥
আদিত্য উভান্ত ভ্ৰাত আপুত বিপুত।
এক আদি গতি সবে কৰে অদভুত॥
সাধুৰ্ব্বাদ কৰে সবে যত সভাসদ।
বিস্ময় লভিয়া সবে ভৈলা নিশবদ॥
বৈশম্পানে বোলে তোৰা ভীম দুৰ্যোধন।
গদা শিক্ষা দেখাইতে উঠিলা দুয়োজন॥
গদা তুলি ধাইলা দুৰ্যোধন বৃকোদৰ।
সংগ্ৰামে লৰিলা যেন দুই গিৰিবৰ॥
শুণ্ড তুলি ধাইলা যেন দুই গিৰিৰাজ।
দেখিয়া বিস্ময় ভৈলা সকলে সমাজ॥
দুইৰো হাতে গদাদণ্ড ফুৰে চক্ৰাকাৰে।
যমকমণ্ডলু গতি কৰয় দুৰ্ব্বাৰে॥
দুইৰো পাৱ ভৰে মহী কৰে টলবল।
দুয়ো ৰাজ পুত্ৰ গদা যুদ্ধত কুশল॥
শিশুকাল হন্তে দুয়ো পৰস্পৰে হিংসে।
দুইহানো বিৰোধ যেন তুৰঙ্গ মহিষে॥
তবে দুয়ো কোপ মনে ৰাজাৰ কুমাৰ।
দৃঢ় গদা ঘাৱে আৰম্ভিলা সুপ্ৰহাৰ॥
অলক্ষিতে দুইহানে ভৈলেক গদাপাত।
পৰ্ব্বতত পৰে যেন বজ্ৰৰ আঘাত॥
ছিদ্ৰ পাইলে দুইহাঙ্কো নাছাৰে দুয়োজন।
আম্ৰ সম ভীমসেন মানী দুৰ্য্যোধন॥
সামাজিক জন যত আছে ৰঙ্গস্থানে।
দুই পক্ষ হুয়া সবে দুইহাঙ্কো বখানে॥
১৫৪