হেন শুনি হনুমন্তে উঠি তেতিক্ষণ।
বৃক্ষৰ গুৰিত গৈয়া ভৈলা উপসন॥
লাঞ্জে মেৰাই বৃক্ষ গোট লৈলন্ত উভাৰি।
ৰামৰ সেনাক লাগি যান্ত লক্ষ মাৰি॥
হনুমন্ত জ্ঞাতিক কৰিলা নমস্কাৰ।
সবাকে সম্বোদি বুলিলন্ত বাৰম্বাৰ॥
হনুমন্তে সবাক মাতিল মুখ চাই।
দুই গোট ফল লৈলোঁ মোত দোষ নাই॥
ভৰত লক্ষণ নল নীল যত যত।
সুগ্ৰীৱ অঙ্গদ আন কপিয়ো পৰ্যন্ত॥
সবাহাঙ্কে হনুমন্তে গাৱে গাৱে দিল।
পাছে হনুমন্তে বৃক্ষ গোট জোঙ্কাৰিল॥
আপুনিয়ো গোট দুই খাইলা ৰঙ্গমনে।
হৰিষে টকালি পাৰে অতি ঘনে ঘনে॥
পুনকপি বৃক্ষ গোট থৈলা নিজ থানে।
শুনিয়োক সভাসদ অতি ৰঙ্গ মনে॥
পুনৰ্ব্বাৰ ৰাম কটকত দিলা ধাৰি।
নৰহে পৃথিবী ভাৰ কম্পে বসুন্ধৰী॥
লঙ্কা নগৰী যে দশ দিৱসৰ পন্থ।
কটক সহিতে চলি যান্ত হনুমন্ত॥
কতো দূৰে দেখন্ত নগৰ জ্যোতিষ্কাৰ।
জাম্বৱক চাই পাছে সুমিত্ৰা কুমাৰ॥
কাহাৰ নগৰ ইটো দেখি লাগে ডৰ।
জাম্বৱে বোলন্ত এহি সিন্ধুৰা নগৰ।।
বত্ৰিশ প্ৰহৰ পন্থ নগৰৰ গড়।
অতি চমৎকাৰ ইটো সিন্ধুৰা নগৰ॥
লঙ্কা নগৰত কৰি দুগুণ বহল।
শুনি লক্ষণৰ অতি মনে কৌতুহল।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৭০
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি