এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি
ছদ্ম কৰি কহে কথা বীৰ হনুমন্ত।
শুনৰে দুৱৰী মোক পথ এৰি দেন্ত॥
তোমাৰ দুৱাৰে আইলো জানাবাঁ নেজানা।
কথা এক কহা মই কাণ পাতি শুনা॥
সসৈন্যে সহিতে ৰাম সেনা দিলা ধাৰু।
ৰাক্ষসৰ সেনা লৈয়া আইল কাচি পাৰি।
হনুমন্ত নামে যিটো মহা বীৰবৰ।
তেহোঁ কিবা কাৰ্য্যে আসি পশিলা নগৰ॥
দুৱৰী বোলয় সিটো নেদেখোহোঁ ভাল।
দুৱাৰ ছাৰিয়া মই নেযাওঁ একোকাল॥
বিস্তৰ বুলিবে আৰ নালাগয় মোক।
আপুনি ভিতৰে যাওঁ দুৱাৰ এৰিয়োক॥
শুনা সভাসদ পদ কথা ৰামায়ণ।
মনে গুণি চোৱাঁ ইটো কেদিন জীৱন॥
ৰামৰ চৰিত্ৰ পান কৰা কৰ্ণ ভৰি।
নিৰন্তৰে নৰে ডাকি বোলা হৰি হৰি॥
দুলৰি।
দুৱৰী এৰায়া কপি লৰি গৈলা,
গড়ৰ উপাই পাইলা।
বোলে কৰ ৰোল বানৰ দেখিয়া,
তহিতে কপি ৰহিলা॥
ৰাজাৰ কুমাৰ অসংখ্যাত মানে,
আন যত নৰ আছে।
সি সব লোকৰ স্বভাৱ দেখিয়া,
হনুমন্তে গুণে পাছে॥