এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি
তুমি সে হৃদয় মোৰ আন কোন নাই।
বিৰহ দুঃখক তাতে কহিলো তো-ঠাই॥
হেন জানি মোক কৃপা কৰিয়ো এখন।
নকৰ কপট সখি ধৰিছো চৰণ॥
তোৰ মোৰ এক প্ৰাণ তনু খানি ভিন্ন।
মোৰ নিজ পতি ভৈলা তোহোৰ অধীন॥
তেবে সখী বিলম্ব কৰহ কি কাৰণে।
তোমাৰ চিত্তৰ কথা নুবুজিলো মনে॥
তুমি বিনে কোনে মোৰ সাধিবেক হিত।
মদন বাণৰ জালে তনু জৰ্জ্জৰিত॥
মলয়া চন্দন লেপে নকৰে শীতল।
মৰো যদি তোৰ শ্ৰম হৈবেক বিফল॥
বিলম্বে আন সখি সিদ্ধি কৰা কাজ।
চৰণে ধৰিয়া মাতো নকৰিবা লাজ।৷
চিন্তা বিৰহত মোৰ ভৈল তনু ক্ষীণ।
আজি ধৰি ভৈলো সখী তোহোৰ অধীন।৷
⸻
দীৰ্ঘ মুক্তাৱলী
ঋষি নিগদতি শুনা নৰপতি
ৰাধাৰ প্ৰণতি মাধৱক প্ৰতি।
এ মোৰ প্ৰাণ বন্ধু দিনে দিনে দেখা দিয়া।
তোমাৰ চৰণে পশিলো শৰণে
কি কৰো এখনে তুমি অবিহনে এ,
আমি পৰ নাৰী কিমতে লগত নিয়া।