জ্ঞান জন্ম বয়সানুসাৰে যথোচিত।
সাদৰিলা কৃষ্ণে তাসম্বাৰ পূৰি চিত॥
পাচে দুৰ্য্যোধনে কৃষ্ণ বসিবাৰ তৰে।
সুবৰ্ণ আসন নাই দিয়াইলা সত্বৰে॥
নানা বিধ আস্তৰণ পাৰি দিলা তাত।
তাতে বসিলন্ত হৰি সবাবে সাক্ষাত॥
সঅৰ্ঘে পূজিলা কেশৱক দুৰ্যোধনে।
সুগন্ধিত জল আনি দিলা নিবেদনে॥
দুৰ্য্যোধনে ৰাজ্য গৃহ অৰ্পিলা কৃষ্ণত।
অনন্তৰে হৰি বসিলন্ত আসনত॥
প্ৰকাশ কৰিলা হৰি আদিত্য সঙ্কাশ।
উপাসিতে ৰৈলা কুৰু বীৰে চতুষ্পাশ॥
ৰাজাগণে অবনতে কৃষ্ণক সাদৰি।
মৌন হুয়া চতুষ্পাশে ৰহিলা আবৰি॥
সেহি সময়ত দুৰ্য্যোধন নৰপতি।
সবাৰে সাক্ষাতে মাধৱত নিগদতি॥
শুনিয়ো কেশৱ আজি আমাসাৰ ঘৰে।
ভুঞ্জিয়োক অন্ন যত্ন কৰিছে৷ সাদৰে॥
শুনি কৃষ্ণে অনুমতি নেদিলাহা তাক।
দেখি দুৰ্য্যোধনে পুনু বুলিলাহ বাক॥
কুৰু বীৰ বিদ্যমানে বোলে মৃদু বাণী।
মুখত মধুৰ হৃদয়ত খুৰ খানি॥
শুনিয়ো গোবিন্দ তুমি সাধুৰ সন্মত।
ধৰ্ম্ম অৰ্থ ব্যৱহাৰ সবাতে পাৰ্গত॥
কৌৰব পাণ্ডব দুয়ো ঘৰৰ বান্ধব।
দুই হানৰো হিত মিত্ৰ সম্বধি কেশব॥
অন্ন পান বস্ত্ৰ শয্যা তোমাৰ নিমিত্তে।
যত্ন কৰি আনিলোহো অকপট চিত্তে॥