এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮৮
অসমীয়া সাহিত্যৰ চানেকি
কেহো নাৰী গণ নবীন যৌবন,
আনন্দতে চলিলন্ত।
কতো সবে বস্ত্ৰ হস্তত কৰিয়া,
তথাক লাগি গৈলন্ত॥
কতোহো সিন্দুৰ লৈলন্ত কাকৈই,
তৈলক কেহো লৈলন্ত।
লাস যোগ্য বস্তু কেহো জনী লৈয়া,
ৰঙ্গে গতি কৰিলন্ত॥
ৰত্ন আভৰণে অঙ্গ বিভূষিত,
কৰিয়া কেহো গৈলেক।
এহি মতে নাৰী গণ সমস্তয়,
শৈল গৃহে আসিলেক॥
আৰু ঋষি কন্যা ৰূপে গুণে ধন্যা,
দেৱ কন্যা যত যত।
নাগ কন্যাগণ সুন্দৰ বদন,
কৰিয়া সখী সঙ্গত॥
ৰম্ভা আদি কৰি আসিলেক লৰি,
যত অপেস্বৰা গণ।
সবাৰো সুন্দৰ মুখ মনোহৰ,
মোহয় মুনিৰ মন॥
গন্ধৰ্ব্বৰ কন্যা আতি মনোৰমা,
কন্যা শৈলা সকলৰ।
ৰাজ কন্যা গণ আতি সুলক্ষণ,
উপমা নাহি ৰূপৰ॥
ইসকল নাৰী ভৈলা এক ঠাই,
আনন্দে আতি মনত।
হাস্যযুক্ত মুখ দেখি লাগে সুখ,
কামীৰ মনে সতত॥