পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬৩
ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ

কশ্যপৰ অংশে ভৈল বসুদেৱ জাত।
অদিতিৰ অংশে ভৈল দেবকী সাক্ষাত॥
পূৰ্ব্ব পুণ্য ফলে পাইল কৃষ্ণক তনয়।
তাহান চৰিত্ৰ কহে শুন মহাশয়॥

হৃদিকৰ পুত্ৰ ভৈল দেবসীড় নাম।
তান পুত্ৰ সুৰ ভৈল অতি অনুপাম॥
সাৰিয়া নামত কন্যা সুৰে বিহাইলন্ত।
দুইহানো তনয় ভৈল বসুদেব সত॥

দেৱসীড় পুত্ৰ সাৰি সাত জন্মিলন্ত।
সুৰৰ তনয় ভৈল বসুদেৱ সন্ত॥
বসুদেৱ জন্ম দিলে ৰঙ্গে দেবগণ।
দুন্দুভিকে আদি বাদ্য বজাইলা তেখন॥

পুৰাণত সন্ত সবে তান নাম থৈল।
আনক দুন্দুভি নাম এতেকেসে ভৈল॥
যদুবংশে জাত ভৈল আন্ধক তনয়।
দেৱক যে নাম ভৈল জ্ঞানী মহাশয়॥

তাহান দুহিতা ভৈল দেবকীযে কন্যা।
পৰম সুন্দৰী পুণ্যৱতী অতি ধন্যা॥
যদুকুলাচাৰ্য্য গৰ্গ ঋষি মহাসন্ত।
দুইহানো সম্বন্ধ বিবাহক কৰাইলন্ত॥

বহুত সম্ভাৰ কৰি বসুদেৱ সন্ত।
শুভক্ষণে দেৱকৰ গৃহ পশিলন্ত॥
দেৱকেয়ে বিধিৱতে দিল তাঙ্ক কন্যা।
পৰম সুন্দৰী দেৱকী যে মহাধন্যা॥

দেৱকে দিলন্ত অশ্ব হাজাৰ ত্ৰিতয়।
ৰথ গজ দিলা তিনি শত মহাশয়॥
সালঙ্কৃতা দাসী দাস শতৰ ত্ৰিতয়।
নানা বিধ দ্ৰব্য ৰত্ন দিলা মহাশয়॥