হৰিহৰ পদ হৃদয়ে ধৰিয়া
দ্বিজ কৃষ্ণাচাৰ্যে ভণে।
ৰাম ৰাম বাণী ঘুষিয়োক মুখে
যত সমাজিক জনে॥
পদ।
মহেশ বদতি শুনা জগতৰ মাৱ।
দুষ্ট ভকতৰ হেন হৈবেক স্বভাৱ॥
আপোনাৰ শাস্ত্ৰক আপুনি বখানিব।
বেদৰ গুপুত বুলি শিষ্যত কহিব॥
সেহি শাস্ত্ৰ শুনে যিটো তেজি কুলাচাৰ।
অধৰ্ম্মত মতি প্ৰবৰ্ত্তন ভৈলা তাৰ॥
ইন্দ্ৰিয়ৰ বিষয়ত যাৰ আছে ৰাগ।
মাধৱৰ চৰণক কেনে পাইব লাগ॥
বুলিব লোকক পাই শাস্ত্ৰ হেন কহে।
বেদৰ বাহিৰ ধৰ্ম্ম ভকততে ৰহে॥
পৰনাৰী হৰণত কিছু দোষ নাই।
গকুলে গোপীক ক্ৰীড়িলন্ত যদুৰাই॥
এই মতে দুষ্ট সবে গুপ্ত মেল কৰি।
পিতৃ মাতৃ কুলগুৰু ধৰ্ম্ম পৰিহৰি॥
ভকত গুৰুৰ পদে ভজিব সমস্ত।
নুবুজিব মাধৱৰ ভকতিৰ তত্ব॥
বিধৱা সবেয়ো আসে পৰৰ তৰুণী।
মন্ত্ৰ ঔষধৰ বলে আনিবেক টানি॥
গোপ্য মেল মধ্যে তাইক কহিবেক জ্ঞান।
বুলিবে ভকতে হৰিগুৰু বিদ্যমান॥
গোপ্য মেল মাজে আৰু বুলিবেক বাণী।
পূৰ্ব্বত আছিলা তুমি লক্ষ্মী যে গোসানী॥
মাধৱ আছিল তযু অতি প্ৰিয় পতি।
গুণমানে বুজিলোহো তোমাত সম্প্ৰতি॥