অসম বুৰঞ্জী।
গদাধৰ সিংহৰ আমোল।
পূৰ্বে বুঢ়া ফুকনৰ ভয়ত দুজন গোহাঞিক নগা চাঙ্গত থৈছিলে। গৰ্ভে সহিতে আই কুঞৰীদেও শাস্তিতে মৰিল। এনে দুঃখেৰে ফুৰি দক্ষিণপাটৰ বনমালী বাপুৰ সত্ৰত থাকিল। পাচে বনমালী বাপুএ অনুমতি দিলে, লানমাখ্ৰ চেটিয়াৰ নাতি চেটিয়া বড়ফুকন বুজাবৰ কাৰণে। পাচে ই কথাতে ভৰ নিদি আপোনাৰ সেৱক চামগুৰিয়া লৰাটি ৺দেউ গুচে হেন দেখি সামান্যৰূপে ৰোজ বাজ দি উদাসীনৰ হাটিৰ বাজে ৰাখিলে। ততে থাকি সমস্তে দেখিলে ভকতৰ ঐশ্বৰ্য্য। ফুকন ৰাজখোৱা হাজৰিকা বড়া শইকিয়া পৰ্যন্তে ভকতৰ পৰা হৈ যায়। সেইক্ৰমে আদি সকলো সত্ৰতে বুজিলে। এদিন ডেকা বাপুএ তামুল খাই পিক পেলালে, তাৰে ছিটা কাপোৰত পড়িল। সেই কাপোৰ পিকৰ ছিটা সহিতে সেই দিন ধৰি চুঙ্গিৰ ঘৰত বান্ধি থৈছিলে। এনেৰূপে অসন্তোষ দিলে। পাচে ছোট বনমালী বাপুত ভৰ নাপাই আপুনি আগ বাঢ়ি কলিয়াবৰলৈ গৈ গড়গঞা সন্দিকৈ ফুকন, চাৰিঙ্গিয়া ফুকন এই দুই জনাত আশ্ৰয় কৰি বৰ বড়ফুকনক উপাই মন্ত্ৰণা কৰি বশ্য কৰি দিহিঙ্গীয়া বড়ফুকনক বঙ্গাল মাৰো বুলি গড়গাঞৰ পৰা অনাই একে যুগুতি হৈ তুংখুঙ্গিয়া কোঞৰক টিপাম ৰজা পাতি ২০ দিন থাকি চেটিয়া ফুকনে বনমালী বাপুৰ কথাকে লৈ ফুকন ৰাজখোৱা লৈ সোণৰ খাৰু, টেমি, কেৰু কুন্মীন কুয়াকাপোৰ দিলে। সকলেও ৰাখিলে, সন্দিকৈ নেওগ ফুকনে খামৰাক চাৰিঙ্গিয়া ফুকনে নাৰাখিবৰ দেখি চেটিয়া ফুকনে ভয় হৈ সকলোলৈকে কথাদি ২ দিন চকি দি সাবধানে থাকি আন দিন চেটিয়া ফুকনে টিপাম ৰজা গুচাই ৺দেউ পাতি প্ৰথমে সেৱা কৰিলে। পাচে সকলোৱে সেৱা কৰিলে। শক ১৬০৩ আষাঢ়ত।
সেই দুই জনাই ৺দেউ পতাৰ মূল, অন্য ডাল পত্ৰহে। পাচে সকলো উজাবলৈ ধৰিলে। পাচে ছোট বনমালী বাপুএ আগ বাঢ়ি আহি বড় ফুকনক বুজাই ওলোটাই ৰাখিবলৈ ধৰিলে। ৺দেউ শুনি খং কৰি উজাই গৈ চামগুৰিয়া ৰজাক ভাঙ্গি গড়গাঞ নগৰত শ্ৰীশ্ৰীগদাধৰ সিংহ ৺দেউ স্থিত শক ১৬০৩ শ্ৰাবণৰ ২৪ দিন যাওঁতে