বৰাহ স্বৰূপে দশনৰ আগে হৰি।
ধৰিলা ধৰণীখান আতি লীলা কৰি॥
শ্যাম ধৰণীত শুক্ল দন্তৰ আগত।
চন্দ্ৰত কলঙ্ক যেন দেখিয় সাম্প্ৰত॥
হেনয় বৰাহৰূপ ধৰি গদাধৰ।
জয় জয় দেৱ হৰি জগত ঈশ্বৰ॥
নৰসিংহৰূপে হস্ত পদ্মে নখচয়।
বজ্ৰ সম তীক্ষ্ণ তাক দেখি লাগে ভয়॥
সেহি নখে হীৰণ্যকশিপু অসুৰৰ।
দেহ ভ্ৰমৰক বিদাৰিলা দামোদৰ॥
জগতৰ পতি হেন নৰসিংহ দেৱ।
জয় জয় কেশৱ চৰণে কৰে সেৱ॥
অদ্ভুত বামনৰূপে বলিক চলিল।
চৰণ চলায় তিনি লোক বিয়পিলা॥
সেহি চৰণৰ নখ জলে গঙ্গা ভৈলা।
তাত স্নান পান কৰি সবে শুদ্ধ ভৈলা॥
হেনয় বামনৰূপী দেৱ দয়াময়।
কেশৱ জগতপতি হুয়ো জয় জয়॥
পৰ্শুৰাম ৰূপে জমদগ্নিৰ গৃহত।
অবতৰি সমস্তে ক্ষত্ৰিয় কৈলা হত॥
তাসম্বাৰ ৰুধিৰে কৰিলা মহাহ্ৰদ।
তাত স্নানি সবে তৰে সংসাৰ আপদ॥
হেন পৰ্শুৰাম হৰি পুৰুষ কেশৱ।
জয় জয় জগতৰ ঈশ্বৰ মাধৱ॥
ৰামচন্দ্ৰ ৰূপে ৰঘুবংশে অৱতৰি।
লীলা কৰি ৰাৱণক ৰণত সংহৰি॥
দিকপাল সকলেৱো যাহাক বাঞ্ছয়।
ৰাৱণৰ হেনয় সুন্দৰ শিৰচয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬৫
গীত গোবিন্দ