এই শুনি দুই দ্বিজ হৈইল বিস্মিত।
সাধু বীৰ সুধন্থাৰ বিষ্ণু ভক্তি চিত॥
বিবেক নাহিকে আমাৰ অতি দৃঢ় বুকে।
হেন বৈষ্ণৱক আমি দিলো এত দুখে॥
হাহা কৰি নিজ, কৰ্ম্ম আপুনাকে নিন্দি।
কেন জগন্নাথে আমা দিলে হেন বুদ্ধি॥
আমাৰ সম পাতকী ভুবন মধ্যে নাই।
প্ৰাণান্ত প্ৰায়শ্চিত্ত আমাক কৰিল গোসাই॥
এই বুলিয়া হৃদয়ে ভাবিয়া দুঃখ কথা।
সুধাৰ কাছে গৈলা তৈল কটা যথা॥
তৈল কটা মধ্যেহানে সুধন্বাকে তুলি।
হৰিষে ধৰিয়া দুয়ো কৰে কোলাকুলি॥
সুধন্বাত পৰি হাৰ মাগে দুই দ্বিজে।
আজি পৰিত্ৰাণ আমি হৈলো তোমাৰ কাজে॥
সাধু বীৰ ক্ষত্ৰী তুমি সাধু তোৰ চিত্ত।
দাৰুণ ব্ৰাহ্মণ আমি বিবেক বৰ্জ্জিত॥
তৈলে তোমা পেলাইলো নিষ্ঠুৰ হৈয়া চিত্তে।
অব্যাহতি পাইলা তুমি আপোনাৰ সত্যে॥
তোমাক দহিতে নৰে শক্তিয়ে পায়ক।
পৰম বৈষ্ণৱ তুমি বিষ্ণুৰ সেৱক॥
সংসাৰৰ সাৰ প্ৰভু জগন্নাথ স্বামী।
প্ৰণান্ত হৃদয়ে দৃঢ় কৰি আছা তুমি॥
জগত প্ৰসিদ্ধ তুমি পুৰুষ সাধক।
পাপ বিবৰ্জ্জিত তুমি গুণ প্ৰকাশক॥
ৰাজ পুত্ৰ ৰাজা তুমি অতুল্য বিক্ৰম।
সৈন্য লৈয়া যুদ্ধে চল না কৰ বিলম্ব॥
পাণ্ডৱৰ পাৰ্থ ঘোড়া লৈয়া জগন্নাথে।
পাৰ্থে যে সাৰথি হৈয়া আসিছে এথাতে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৮৪
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি