আছে যমদূত দুই দুৱাৰত বসি।
স্বৰূপ কহিলো আমি তযু পাশে আসি॥
দুৱৰীৰ বচন শুনিলা নিৰন্তৰ।
চমক লাগিয়া গৈল সমস্তে সভাৰ॥
পাত্ৰ সমে আলোচনা কৰিলা নৃপতি।
মেলঘৰে পাছে বসিলন্ত সভাপতি॥
দূতক মাতিয়া পাছে পুছিলন্ত কথা।
স্বৰূপ কহিয়ো বাক্য নুবুলিও বৃথা॥
দূতৰ মূৰ্ত্তিক দেখি ডৰে ধাতু যাই।
আনৰ আঁৰত আনে মণ্ডলু ফুৰাই॥
শুনি দূতে পাছে বুলিলন্ত হেন বাণী।
পূৰ্ব্বৰ কথাকে ৰাজা চায়ে মনে গুণি॥
আমি কিছু নেজানো কহিলা ধৰ্ম্মৰাই।
পূৰ্ব্বে দুয়োজন আছিলন্ত এক ঠাই॥
আমাক পঠাইলে শুনা যি কামক লাগি।
জীৱন্তা মনুষ্য এক পঠাইলেক মাগি॥
দূতক থাকিবে লাগি দিলা বসাঘৰ।
কালি দিবোঁ বাক্য বুলিলন্ত নৰেশ্বৰ॥
যাক যাক পাঞ্চে ৰাজা যাইবে যমপুৰ।
ভাৰ্য্যা পুত্ৰ এড়ি সবে পলাৱয় দূৰ॥
কাহাকো পাঞ্চিবে নোৱাৰয় দণ্ডি কৰি।
পোতাশালে অনেক বৎসৰ আছে পৰি॥
তাৰ এক জনে বোলে যাইবো যমৰাজ।
যম নৃপতিত মোৰ কিছু আছে কায॥
লোহাক কাটিয়া তাক কৰিলন্ত আগ।
মাথাত বান্ধিবে খুজিলন্ত এক পাগ॥
যম দ্বাৰা জাঠি খাণ্ডা দিয়ো ঢালখান।
তেবে যাইবে পাৰো যম নৃপতিৰ থান।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৬৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪২২
অসমীয়া সাহিত্যৰ চানেকি৷