সূৰ্য্য সম তেজ বাণ উঠিল আকাশে।
গগণে চিন্তিত দেৱ ধৰণী মানুষে॥
দুই বীৰে ৰণ কৰে প্ৰলয়ৰ মত্ত।
জয় বিজয় কেহো নুবুজি মহত॥
তেবেতো সুধা বীৰ হৈয়া প্ৰজ্বলিত।
কাটিয়া অৰ্জ্জুন বাণ পাৰিলা ভূমিত॥
কৃষ্ণে বোলে ধনঞ্জয় কি হৈব এখন।
প্ৰতিজ্ঞা পালিতে আজি নুবুজয় মন॥
নাবুঝিয়া কোন বুধি প্ৰতিজ্ঞা কৈলা বাক্য।
তোমাৰ সাহসে নবধিবা সুধন্বাক॥
সুধা জিনিতে বীৰ নাহি ত্ৰিভুবনে।
তোমা আমি একত্ৰে জিনিব আজি ৰণে॥
ধন্য যে সুধন্বা বীৰ সফল জীৱন।
প্ৰতিজ্ঞা পালিয়া বীৰ জিনি ঘোৰ ৰণ॥
কাৰ্য্য ৰাখিয়াছে বীৰ আপোনাৰ সত্যে।
অন্যায় কৰি বধো আমি তোমাৰ নিমিত্তে॥
ধনুকিত সান্ধি বীৰ লৱা এক শৰ।
এহি বাণে পাৰ্থ আজি জয় হৌক তোৰ॥
এহি বুলি নাৰায়ণে কৰে শঙ্খ ধ্বনি।
অৰ্জ্জুনেও দেৱদত্ত শঙ্খ ফুকে পুনি॥
তবে পাৰ্থ ধনুকত বাণ তোলে সান্ধি।
প্ৰতীক্ষা কৰিয়া বোলে কৃষ্ণ গুণনিধি॥
স্বৰ্গ মৰ্ত্ত্য পাতাল যতেক চৰাচৰ।
সব পুণ্য দিলো এই বাণৰ উপৰ॥
বাণৰ দক্ষিণে ব্ৰহ্মা হৈলা নিয়োজন।
মধ্য ভাগে কাল স্থিতি মুখে জনাৰ্দ্দন॥
পূৰ্ব্বে ৰাম অৱতাৰে বাণ নিয়োজিল।
শুনিয়া কৃষ্ণৰ বাক্য সুধন্বা হাসিল॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৯৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া সাহিত্যৰ চানেকি