পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯১
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

কেহোজনী ৰূপৱতী শিৱৰ ৰূপক দেখি,
 মূৰ্চ্ছা যাই থাকিলন্ত পৰি।
কেহোজনী অপুনাৰ স্বামীক কৰয় নিন্দা,
 আতিশয় কুৰুপ সুমৰি॥
কেহোজনী কামানলে মনত আলিঙ্গি যেন,
 ধৰি ভাৱ তম্ভিয়া থাকয়।
আৰু কেহোজনী নাৰী মনত আলিঙ্গি ধৰি,
 শিৱ মুখে চুম্বন পাৰয়॥
অন্যে অন্যে নাৰীগণে হেন ভাৱ কৰি মনে,
 থাকিলন্ত শিৱক চাহিয়া।
গন্ধৰ্ব্ব সকলগণে কৰয় আনন্দ আতি,
 পঞ্চশৰ যন্ত্ৰত ভুলিয়া॥
সবে অপস্বৰাগণ কৰিয়া আনন্দ মন,
 অঙ্গি ভঙ্গি কৰিয়া নাচন্ত।
শিৱৰ দেখিয়া ৰূপ সমস্ত দেৱৰ আতি,
 চিত্তত সন্তোষ লভিলন্ত॥
অনেক প্ৰকাৰে বাদ্য সুস্বৰ মধুৰ কৰি,
 বাজনীয়া গণে বজাৱয়।
সেহি সময়ত পাছে অনাইলন্ত পাৰ্ব্বতীক,
 সভা মধ্যে ৰাজা হিমালয়॥
সখীগণ মধ্যে দেবী চলি যান্ত ৰঙ্গ মনে,
 আতিশয় লয় লাস ভাৱে।
যেন ৰাজহংস গতি ধীৰে ধীৰে চলে সতী,
 দেৱ সবে ৰঙ্গ কৰি চাৱে॥
তপ্ত সুবৰ্ণৰ বৰ্ণ দেহ জ্বলে বিতোপন,
 সবে অঙ্গ ৰত্নে প্ৰকাশয়।
আতি ৰম্য খোপা মাথে মালতীৰ মালা তাতে,
 আতিশয় প্ৰকাশ কৰয়॥