এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৭৩
অসমীয়া সাহিত্যৰ চানেকি
শঙ্কৰদেৱ চৰিত্ৰ।
যাৰ নাই মানে তাহাক আপুনে
শঙ্কৰে লগে লৈলন্ত।
কৰিয়া যুগুতি লোকে সমন্বিতি
শঙ্কৰ লগে গৈলন্ত॥
মাধৱে সহিত মনে হৰষিত
কৃষ্ণৰ চৰিত্ৰ কই।
গিদাৰি এড়াই বাহিৰ বিলাত
অনন্তৰে পাইলা গই॥
পাছে সেহি থানে এক গুটি টকা
উদাবেয়ো ভঙ্গাইলন্ত।
দিন দুই মান ৰোজ নিবে তান
নেদেখিয়া পুছিলন্ত।
বেলন্ত উদাৰ নেদেখোঁ তোমাৰ
ৰোজ নিবে কি কাৰণ।
এক গুটি টকা ভঙ্গই আছোঁ আতা
উদাৰে বোলা বচন॥
উদাৰৰ বাণী শঙ্কৰেয়ো শুনি
ক্ৰোধ দৃষ্টি কৰি চাইলা।
বোলা মোৰ ঠাই একড়াৱো নাই
আবে টকা কৈত পাইলা।
উদাৰে বোলন্ত এক গুটি টকা
আঁছিল আতা আমাৰ।
শঙ্কৰে বোলন্ত পূৰ্বে কিয় মিছা
মাতিলা তেবে উদাৰ।
নামেসে উদাৰ নোহয় তোমাৰ
উদাৰ চিত্ত নিশ্চয়।
মহা পাপ মিছা মাতন আমাৰ
আগে মিছা কথা কয়॥