পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪৯
শত্ৰুঞ্জয় বা বালিৰ দিগ্বিজয়।

নীল নাম কপিৰাজ যাক সম নাই।
অধিসেনাপতি ভৈলা বালিৰ আজ্ঞাই॥
থানে থানে চতুৰ পঠাই আছে দূত।
অপৰ বিশেষ কাৰ্য্য ভৈল অযুগুত॥

শতবলী নাম ভ্ৰাতৃ মল্ল কপীন্দ্ৰৰ।
একে পিতামহ জানিবাহা দুইহান্তৰ॥
দৈৱদোষে শতবলী ৰাজ্যক নপাই।
নীলত আশ্ৰয় হুই শৰণ সোমাই॥

তাহাক দিবাক লাগে অৰ্দ্ধ ৰাজ্য মহী।
নেদিলে মিলিবে যুদ্ধ দূতে আছে কহি॥
দূতৰ প্ৰভাৱ দেখি সবাৰে তৰস।
যুদ্ধক লাগিয়া কেহ নকৰয় সাস॥

তোমাতেসে গহে ৰাজা আছে ৰাজ্য নেদি।
কিবা দূতে ৰাজা ভাঙ্গি পেলাইলেক খেদি॥
দূতক ৰাখিয়া চলে মোহোক পঠাইছে।
নজানো পাচত দূতে কি কাম কৰিছে॥

ভৌমে বোলে শুনা সেনাপতি কঙ্কানল।
নিশানা কোবায়া জনায়োক সেনাগণ॥
চলো এতিক্ষণে মল্লকপিৰাজা ঠাই।
যাত কৰি মোহোৰ অধিক প্ৰিয় নাই॥

দূতৰ কাৰ্য্যৰ ভাব আছোহো আকলি।
মহন্ত আশ্ৰয় কৰি আছে শতবলী॥
এতেকে যাইবাক লাগে কৰিয়া প্ৰবন্ধ।
যিমতে নাশিতে পাৰি বিপক্ষৰ কন্ধ॥

শুন যোগসাই তই পাতালক যাহা।
মিত্ৰ ধনঞ্জয় নাগ ৰাজাক আনাহা॥
মিত্ৰৰ কাৰ্য্যত মোৰ হেলা নুযুৱাই।
যোগ পথে চলে যেন শীঘ্ন কৰি পাই॥