এহি বুলি কিছু শান্ত কৰিলা সীতাক।
বেলন্ত যি কিছু আছে দিয়োক আমাক॥
কনমউ ফল বাপু আছে কত গুটি।
এহি বুলি তেখনে আনিয়া দিলা উঠি॥
শুনা সৰ্বলোকে কৰা পৰলোক কাম।
সৰ্বক্ষণে শুনা শ্ৰীৰামৰ গুণ নাম॥
তেবেসে হুইবেক দুঃখ সীমা উপসম।
মূৰুখ অনন্তে কহে বোলা ৰাম ৰাম॥
ঘোষা—জানকী বল্লভ জানকী বল্লভ জানকী বল্লভ ৰাম।
তোমাৰ চৰণে শৰণ পশিলোঁ পূৰিয়ো মনৰ কাম।
জনক নন্দিনী ফল দিলা আনি,
বায়ুসুতে মুখে দিলা।
অমৃত মধুৰ ক্ষুধা ভৈল দূৰ,
পৰম তৃপিতি পাইলা।
স্বভাৱে বানৰ জাতিৰ ফলত,
অতিশয় লোভবৰ।
বোলে শুনা আই কোন থানে পাই,
কহিয়ো আৰ উত্তৰ॥
সীতায়ে বোলন্ত যিতো থানে আছে,
তই যাইবি কেন কৰি।
অসংখ্য ৰাক্ষস আবৰি থাকয়,
মাৰিবেক তোক ধৰি॥
হেন শুনি বৃদ্ধ ব্ৰাহ্মণৰ বেশ,
ধৰিলন্ত হনুমন্তে।
লৰবৰ মাথ কাসন্তে দেখিয়া,
কৌতুকতে হাসিলন্তে॥
বোলন্ত ৰাক্ষস হাটি বাটি ফুৰি,
ফল পাইবা বহুতৰ।
নাহি একো চিন্তা ফুৰি আসা গই,
সমস্তে লঙ্কা নগৰ।।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১০৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি