এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯০
অসমীয়া সাহিত্যৰ চানেকি৷
একেশ্বৰে এক বুঢ়ী আছে তৈত
পসাৰ খানি দিৱয়।
মাধৱে বেসাতি কিনিবাক গৈলা
ভৈল তাইৰ ভাগ্যোদয়॥
কৈৰ পৰা তোৰা আসি আছা বাপু
বুলিয়া পাছে পুছিল।
শঙ্কৰদেৱৰ কথা নিৰন্তৰ
মাধৱে তান্ত কহিল॥
তৈৰে পৰা চাই শঙ্কৰদেৱক
আণ্ঠুপাৰি প্ৰণামিল।
ইহাৰে বেসাতি কিনা আজি বুলি
আদটকি গোট দিল॥
মাধৱ ভঙ্গায়া বেসাতি কিনিয়া
মনত আনন্দে গৈলা।
ৰামৰম গুৰু আদি ভক্ত সবে
শঙ্কৰদেৱে ভুঞ্জিলা॥
ভোজনৰ অন্তে শঙ্কৰে পুছন্ত
কড়িক লেখি নলৱা।
নলাগে আজিৰ লেখা কৰিবাক
বেসাতি গৈ আছে পাৱা॥
একবুঢ়ী শুনি তোমাঠেৰ কথা
আদ টকি গোট দিল।
তাহাকে ভঙ্গায়া বেসাতি কৰিয়া
ভোজন আজি কৰিল॥
শঙ্কৰে বোলন্ত কোটি কোটি যজ্ঞ
কৰিল বুঢ়ী নিশ্চয়।
এহি শুনি ৰাম— ৰাম গুৰু আদি
ভকত যত আছয়॥