পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩৫
অগ্নি পুৰাণ।

কি কাৰণে তুমি আসি আছা ইটো ঠাই।
ঝাণ্ট কৰি কথা মোত কহিয়ো বুজাই॥
যমপুৰ বুলি আক ত্ৰিজগতে জানে।
জীৱন্তা মনুষ্য কেনে থাকহ ইথানে॥

তামাৰ বচনে তুমি ফিৰি যাহা ঘৰ।
পৃথিবীত ৰাজা হুইবি মই দিলোঁ বৰ॥
হেন শুনি মনুষ্যৰ ৰঙ্গ ভৈলা মন।
পুনু নিদ্ৰাৱলী বোলে মধুৰ বচন॥

শীঘ্ৰ কৰি যাস তই আপোনাৰ পুৰী।
প্ৰণামি মনুষ্য বোলে শুনা মন কৰি॥
নোহো ৰাজবংশী মই হুইবোঁ কেনে ৰাজা।
কোন থানে ৰাজা তুই পালিবোহো প্ৰজা॥

ইটো কথা আমাৰ সংশয় দূৰ কৰা।
তেবে যাইবে পাৰিবোহোঁ ইঠাৱৰ পৰা॥
নিদ্ৰাৱলী বোলে মই কহোঁ স্বৰূপত।
ধন জন ধানে তোক নেড়োক সতত॥

স্বৰ্গ বিনে পৃথিবীৰ যৈত তোৰ মন।
ৰাজা হুয়া থাক তৈতে যাহ এতিক্ষণ॥
প্ৰণামি মনুষ্যে বোলে যাইবো কেন মত।
দুই দূতে আনিলেক আসন্তে পথত॥

যাহা যাহা বুলি মোক বচন বোলস।
নিৰ্গম নজানো মই মোত নাহি দোষ॥
নিদ্ৰাৱলী বোলে বাপ ইকথা থাকোক।
দিলোঁ লগে দূত দুই এখনে যায়োক॥

তেতিক্ষণে কাল বিকালক আদেশিলা।
মনুষ্যক লৈয়া দূত তেখনে চলিলা॥
পথত যাহন্তে দেখে এক গোটা জীৱে।
দূতক সুধিলা কিয় খেৰ বোজা বৱে॥

১৮১