তযু নাভি হস্তে চিহ্ন সমস্তে আছয়।
কোমল হস্তত আৰু লয়নু শোভয়॥
লক্ষ্মীৰূপা তুমি মাৱ বুলিলোহোঁ বাক।
ভক্তি মাতৃ হুয়া দয়া কৰিও আমাক॥
পূৰ্ব্ব জন্মে যিটো ভাল জানিবা নিশ্চয়।
অপৰ জন্মত ভাল সেহিসে হৱয়॥
ভক্ত গুৰু সমস্তৰে তুমি সমে মাৱ।
ইঠাইতে নিবাস হৌক হুয়া একঠাৱ॥
হৰিত ভকতি হৈব সুলভ ভকতি।
যেন হাতে আমলখি ফল থাকে বস্তি॥
এই মতে আদেশিব দুষ্ট ভক্তগণে।
বিবস্ত্ৰ হইবাৰ আজ্ঞা দিব ৰঙ্গমনে॥
এতেকে কামিনী সবে এৰিব বসন।
ৰান্ধি বাঢ়ি ভকতক দিব দিব্য অন্ন॥
অন্ন ভুঞ্জি অন্যো অন্যে মনে মানি তুষ্টি।
ব্ৰহ্ম মুখে উপসত আমাৰ হয়ন্তি॥
আৰু নিবৃত্তিত অধিকাৰ আপোনাৰ।
মিলিয়া নিন্দিব আৰু বৈষ্ণব আচাৰ॥
ফুৰিবেক স্ত্ৰীৰ সঙ্গে ভক্ত দুৰাচাৰ।
দৃষ্টান্ত সহিতে শুনা উত্তৰ ইহাৰ॥
যেন ঋতু সময়ত সঙ্গে বৃষচয়।
পালা ষাড় খেদি নিয়া সবেয়ো ৰময়॥
তাৰা সেহিমতে পৰস্ত্ৰিক ৰমিবও।
তাহান ৰীতিয়া নাম প্ৰখ্যাত হৈবন্ত॥
মহেশ বদতি শুনা গণেশ জননী।
সিটো দুষ্ট সব যাইব পুৰ সঞ্জমনী॥
তথাত প্ৰলম্ভ নামে নৰকে ভুঞ্জিব।
চন্দ্ৰ দিবাকৰ মানে নৰকে পচিব॥
১৮২