পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিজ ৰমানন্দ।

মহাভাৰত—উদ্যোগ পৰ্ব্ব।

দুলড়ী।

বিদুৰৰ বাণী দুৰ্য্যোধনে জানি,
 বুলিবে লাগিলা তয়।
কিকৈলা বিদুৰ পৰম চতুৰ,
 ইতো কথা সত্য হয়।
পাণ্ডৱক লাগি বৰ অনুৰাগী,
 সত্য জানো জনাৰ্দ্দন।
সৎকাৰ পূৰ্ব্বকে দিতে কেশৱকে
 নলাগয় ৰত্ন ধন॥
দেশ কাল চাই দিবাক যুৱাই,
 অধিক নাহয় ভাল।
ভয়ত পূজয় যিবা বস্তু চয়,
 মানিবে হেন গোপাল॥
আমি ক্ষত্ৰীবৰ অবজ্ঞা বিস্তাৰ,
 যি কৰ্ম্মতে হন্তে হয়।
নকৰি তাহাক নিষ্টে বোলা বাক,
 মোৰ মনে হেন লয়॥
তিনিও লোকৰ কৃষ্ণ পূজ্যতৰ,
 আকো জানো মোৰ মতি।
হেন সময়ত সভাৰ মধ্যত,
 কৃষ্ণক নুপজে অতি॥