দুই খান বাহু তান আজানু লম্বিত।
তিল ফুল সম নাসা আতি সুশোভিত॥
জানিবা নিশ্চয় সেহি গোট যুধিষ্ঠিৰ।
ধৰ্ম্মৰাজ সুত সিতো আতি মহাবীৰ॥
যিতো দুই জন যুধিষ্ঠিৰৰ পাচত।
গৈলন্ত চলিয়া ৰঙ্গ কৰিয়া মনত॥
জানিবা নিশ্চয় দুয়ো মাদূৰ তনয়।
নকুল যে সহদেৱ আতি স্বুভানয়॥
জতুগৃহ দাহ হন্তে সিতো পাঞ্চ ভাই।
মাতৃ হন্তে এৰাইছন্ত শুনিছো পলাই॥
বলভদ্ৰ শুনি পাছে কৃষ্ণৰ বচন।
পাণ্ডৱক দেখি দুয়ো ভৈল ৰঙ্গ মন॥
পাচে বিপ্ৰগণে দ্ৰুপদৰ শুনি বাণী।
নৃপতি গণক দেখি দৰত কাম্পনি॥
মহা স্নেহে বিপ্ৰগণে বুলিলা সম্প্ৰতি।
ভয় নকৰিবি তই দ্ৰুপদ নৃপতি॥
ইতো ৰাজা গণক যুজিবে বিপ্ৰগণে।
এহি মতে বিপ্ৰ গণে বোলে অন্যো অন্যে॥
ব্ৰাহ্মণ গণৰ বাণী অৰ্জ্জুনে শুনিলা।
অল্প অল্প হাস্য কৰি বিপ্ৰক বুলিলা॥
শুনা বিপ্ৰগণ আবে মোহোৰ বচন।
থাকা তোৰা সব মই মাৰো ৰাজাগণ॥
অসংখ্যাত শৰ মাৰি আমি দুই ভাই।
সমস্ত নৃপতি মাৰে৷ থাকা ৰঙ্গ চাই॥
এহি বুলি ধনুখান ধৰিয়া অৰ্জ্জুন।
মহাৰঙ্গে দৰ্প কৰি দিলা ধনুৰ্গুণ॥
ভীমেও বৃক্ষক ধৰি মহা ক্ৰোধ কৰি৷
দুই ভাই ৰহিলন্ত পাছে ৰঙ্গ কৰি॥
১৫২