পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২১৫
মহাভাৰত।

বৈশম্পায়নে বোলে যেবে কথা ভৈল পাছে।
একদিনা ধৃতৰাষ্ট্ৰে সভা পাতি আছে॥
ভীষ্ম দ্ৰোণ ব্যাস কৃপ বাহ্লিক সঞ্জয়।
সোমদত্ত বিদুৰ আছয় বীৰ চয়॥

ভীষ্ম সমে সম্ভাষিতে আছে কুৰুপতি।
হেনকালে গুৰু দ্ৰোণ ৰাজাত বদতি॥
আচাৰ্য্য বদতি শুনা জয় নৃপবৰ।
প্ৰিয় নিবেদন কৰো অৱধান কৰ॥

তব পুত্ৰগণ যত ভ্ৰাতৃগণ যত।
সকলে ভৈলেক অস্ত্ৰ শস্ত্ৰত পাৰ্গত॥
সাঙ্গেপাঙ্গে ধনুৰ্ব্বেদ সকলে শিখাইলো।
গন্ধাদি সব অস্ত্ৰ সবক দেখাইলোঁ॥

হয়ে গজে ৰথে সবে কেন অস্ত্ৰ শিক্ষা।
আপুনি এখনে ৰাজা কৰিয়ে বীক্ষা॥
তোমাৰ সকলে পুত্ৰ ভৈল গুণৱন্ত।
এতেকে ভূপাল তুমি মহাভাগ্যৱন্ত॥

অনন্তৰে অনিন্দিত বৃদ্ধকুৰু ৰাই।
দ্ৰোণক বুলিল। সাধু সাধু উপাধ্যায়॥
বৰ প্ৰিয় কাৰ্য মোৰ সাধিলা এখনে।
অস্ত্ৰত পণ্ডিত ভৈল যাতো পুত্ৰগণে॥

যে সকলে দেখে গুণৱন্ত পুত্ৰগণ।
হেন মানে গুৰু মোৰ ইহ লোক স্থান॥
বিধাতা কৰিল মাত্ৰ মোক বিৰম্বন।
অন্ধ কৰি মোক যাতে কৰিলা সুজন॥

দেখিবে নপাইলো গুণৱন্ত পুত্ৰমুখ।
ইহাত অধিক গুৰু আছে কোন দুখ॥
এহি মতে দুঃখ কৰি বৃদ্ধকুৰু পতি।
অনন্তৰে বিদুৰক বিনয় বদতি॥