মহাভাৰত—ভীষ্ম পৰ্ব্ব।
ৰাজহংস গৃধ্ৰ পখা গৰুড়ৰ পাখি।
নিৰ্ম্মিয়াছে শৰচয় আকাশত দেখি॥
সেই শৰে গগণে প্ৰকাশে বিপৰীত।
দেখিয়া দেৱতাগণ ভৈলা ভয় ভীত॥
আকাশ পৃথিবী সবে ভৈলা একাকাৰ।
নবহে পৱন ভৈলা দিনতে আন্ধাৰ॥
চট চট কৰে শৰ পড়িয়া শৰত।
এৰিলেক পক্ষীগণে গতি তাকাশত॥
লোহায় লোহাত লাগি অগনি উঠয়।
সেই অগনিয়ে সবে শৰ বিনাশয়॥
ছিদ্ৰ চাই ৰামে এক ভল্ল প্ৰহাৰিলা।
বৰ টানে আসি মোৰ হৃদয় ভেদিলা॥
পড়িলা হাতৰ শৰাসন বিপৰীত।
ৰাম শৰে ভৈলা মোৰ পৰম বেথিত॥
মূহুৰ্ত্তেক মান মই তন্তিয়া আছিলোঁ।
পাছে বাম হাতে ধনুখান তুলি লৈলোঁ।
প্ৰণামি বুলিলোঁ মোৰ বাক্য শুনিয়োক।
তযু শৰে গুৰু দেখিলোঁহে যমলোক॥
হেৰা মই শৰ কৰোঁ তোমাৰ তনুত।
এহি বুলি অগনিক যুড়িলো গুণত॥
হানিলোঁ ৰামৰ হৃদয়ক লক্ষ কৰি।
তম্ভিয়া ৰহিলা ৰাম ইসাদণ্ড ধৰি॥
সন্ধুক্ষণ হুয়া মোক বুলিলা বচন।
ধন্য বাহুবল তোৰ ধন্য শৰাসন॥
একে আঙুলীকে মোক তস্তায়া ৰাখিলি।
আজি ভীষ্ম বৰ তই যশক লভিলি॥
মন্ত্ৰ সমে অস্ত্ৰ শস্ত্ৰ শিখাইলোঁহো তোক।
তাহাৰ দক্ষিণ আজি তই দিলি মোক॥