পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩১
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

কৃষ্ণ নিগদতি শুনা ৰাধা ব্ৰজেশ্বৰী।
শুনিয়োক সবে আৰু গোপৰ সুন্দৰী॥
তিনি মাস হৈলে হৈব ৰম্য চৈত্ৰ মাস।
নিৰ্ম্মল হৈবেক তাতে চন্দ্ৰ প্ৰকাশ॥

মনোহৰ বৃন্দাবন ৰাস মণ্ডলত।
তোবা সমে মোৰ ক্ৰীড়া হৈবে আচৰিত॥
তোৰা মোৰ প্ৰাণ মই প্ৰাণ তোমাসাৰ।
নাহি একো কালে ভিন্ন তোৰাৰ আমাৰ॥

গোলকত ক্ৰীড়া আমি কৰিয়া আছিলোঁ।
কাৰণ নিমিত্তে আমি বৃন্দাবনে আইলোঁ॥
ইদানীক ব্ৰত কৰি আছা মহাসতী।
গোলকৰ ক্ৰীড়া কি কাৰণে ভৈলা ক্ষতি॥

তাহাৰ ৰক্ষাৰ হেতু কৰি আছা ব্ৰত।
আপোনাৰ মনবাঞ্ছা নাহিকে সাম্প্ৰত॥
মোৰ গোলোকৰ পৰা আসিছা ব্ৰজক।
পুনু মই সমে তোৰা যাইবা গোলোকক॥

নিশ্চয় কহিলোঁ মই এৰিয়ো সময়।
আপোন গৃহক চলি যায়ো গোপীচয়॥
এহি বুলি কৃষ্ণে পাছে যমুনা তীৰত।
পৰম আনন্দ আতি কৰিয়া মনত॥

কিছুকাল ৰহিলন্ত জগত ঈশ্বৰ।
লগে লৈয়া গোপ শিশুগণ নিৰন্তৰ॥
কৃষ্ণক এৰিয়া যাইবে গোপী নপাৰয়।
মুখ পদ্ম নিৰেখি নিমিষ নমাৰয়॥

কুঞ্জ পদ্ম মুখ গোপী ভ্ৰমৰৰ প্ৰাই।
কদাচিতো কৃষ্ণ সঙ্গ ছাৰিয়া নাযাই॥
তথাপি কৃষ্ণক বাক্য পুষ্প মধু সৰি।
ভ্ৰমৰ যেহেন গোপী পীয়ে পেটভৰি॥