তাতে পুষ্প শয্যা ৰঞ্জি আছে ঠাই ঠাই।
কপূৰ তাম্বুল আছে চৌপাশে সজাই॥
বিচিত্ৰ পুষ্পৰ মালা থৈয়া আছে বান্ধি।
সুগন্ধ প্ৰদীপ ধুপ আছে পান্তি পান্তি॥
হেন ৰাস মণ্ডল দেখিয়া দেৱগণ।
পৰ্বতৰ বাহিৰে চলয় ৰঙ্গ মন॥
নাৰায়ণ বদতি শুনিয়ো মুনিবৰ।
এহি মতে চলে ৰঙ্গে দেৱ নিৰন্তৰ॥
অনন্তৰে দেখিলা সুন্দৰ এক বন।
বৃন্দাবন নাম তান আতি বিতোপন॥
ৰাধা মাধৱৰ সিতো ক্ৰীড়াৰ ভুবন।
শাৰী শাৰী আছে কল্পতৰু বৃক্ষণ॥
বিৰজাৰ জলে মিশ্ৰ হুয়া বায়ু যাই।
অল্প অল্প কৰি বহে বনক কম্পাই॥
সুৰভি পুস্পৰ গন্ধে মোদিত আতি।
নবীন পল্লব সবে তাতে কৰে কান্তি॥
কতো থানে আছে কেলি কদম্বৰ শাৰী।
আনো নানা ফল ফুল আছে ধৰি ধৰি॥
মন্দাৰ চন্দন চম্পা আদি পুষ্প ঢয়।
সুগন্ধি সুৰভি বৃন্দাবন বিৰাজয়॥
আম জাম পনিয়াল বদৰী শ্ৰীফল।
কঠাল লেটেকু নিম্ব তাল নাৰীকেল॥
কদলী মধুৰী ৰহা আনো বৃক্ষগণ।
পকি পকি আছে ফল অতি বিতোপন॥
পিয়াল অশ্বস্থ শাল শাল্মলী তিত্তিৰী।
অসংখ্যাত বৃক্ষগণ আছে শাৰী শাৰী॥
আৰো বন পুষ্প লতা আছে যত যত।
ঠাই ঠাই প্ৰকাশয় তাৰ ভিতৰত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি