এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি
ভালুক বানৰ সবে ভৈলেক বিমন।
হেন দেখি সবাকো বুলিলা হনুমান॥
যিতো জন নাই সে ৰামৰ অপৰাধি।
সবান্ধবে নষ্ট হৈবে দৈবে বোলা বধি॥
এহি বুলি ৰাম সেনা নেথাকিল ৰই।
কেহো বোলে আৰু নেদেখিবোঁ বাপ ভাই।
কেহো বোলে বাপ নেদেখিবোঁ বন্ধুগণ।
কেহো বোলে নেদেখোহোঁ এতিন ভুবন॥
কেহো বোলে বানৰ ভৈলেক যমকাল।
কেহো বোলে হনুমন্ত প্ৰচণ্ড বিকাল॥
ছয় মাস মানে যুদ্ধ নাছিল আমাৰ।
পুনৰপি সেই যুদ্ধ মিলিল ইবাৰ॥
ইবেলা যে আমাৰ জীৱৰ আশা নাই।
এহি বুলি সমস্তে যে মূৰ ঘূমুৰাই॥
ভৰত, লক্ষণ, নল, নীল বীৰ গণ।
ৰামৰ চৰণে বন্দি কৰিলা গমন॥
সবে আগে চলি গৈলা বীৰ হনুমান।
শুনিয়োক সভাসদ হনুৰ বাখ্যান॥
দুলৰি।
চতুবিধি বেৰি, ধূলায়ে আন্ধাৰি,
কুৱাকুঁই মই দেখোঁ।
কাৰো মাত বোল, কেহো নুশুনয়,
কাহাকে। কিয় নেদেখোঁ॥
দেৱাদেই কৰি, ভালুক বানৰ,
জোলোকা জুলুকি যাই।
আকৰ্ণ শবদ, গগনে চাইলা,
কম্পে বসুমতী আই॥