পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৫০
অসমীয়া সাহিত্যৰ চানেকি

বৈষ্ণব বিপ্ৰৰ শূদ্ৰ মহন্তৰ
 দুই পথ কৰি চন।
আপোনাৰ পথ প্ৰবৰ্ত্তাইবে প্ৰতি
 কৰি বেদ যত মান॥
শুনিয়ো পাৰ্ব্বতী বন খেৰ আনি
 যেন মিশলাই বিশ।
শুদ্ধ ভকতিত পতিবে বিঘিনি
 অৰ্থযে সেহি সদৃশ॥
হেনভাৱ হৈয়া হৰিক চিন্তাত
 একান্ত ভকতি কৰি।
আপোন পথক বাহিৰে ভিতৰে
 দেখন্ত প্ৰকাশে হৰি॥
সাক্ষাতে সবাক ব্ৰহ্মক দেখয়
 উপজিল মহাজ্ঞান।
চাণ্ডালৰ অন্ন ভুঞ্জিলেও দোষ
 নাহি তাৰ বিদ্যমান॥
ইহাৰ প্ৰমাণ জানিবা পাৰ্ব্বতী
 বৈষ্ণৱ ঋষি নাৰদ।
ভক্ত বৎসলক দেখি বিদ্যমান
 নমিলাহা হেন পদ॥
সৰ্ব্বগত ব্ৰহ্ম যিজনে দেখিয়ে
 তাৰ কিছু দোষ নাই।
ইটো পৰলোক নাহি পিয় জন
 হৰিক ভজা সদায়॥
জানিবা পাৰ্ব্বতী নিবৃত্তিত থিতি
 যিসব বৈষ্ণৱ চয়।
তাৰ অৰ্থে কিবা দোষিত হৈবেক
 দেখে সবে হৰিময়॥