দাৰুণী শশুৰী পৰম দন্দুৰী,
আগে আছো পুৰি ক্ৰোধে ফুৰে ঘূৰিএ
সৰ্ব্ব দায়ে বোলা মোক নানা নিন্দাবাণী।
তেৰে মোৰ মনে তোমাৰ চৰণে
চিন্তো সৰ্ব্বক্ষণে আক জানে কোনে এ,
তোমাৰ বিৰহে নৰহিবে প্ৰাণ খানি।
শ্যামল সুন্দৰ তনু মনোহৰ
আতি ৰুচিকৰ তিল কৰতুৰ এ
দেখি মোহ হৈয়া তেজিলোহে সমস্তক।
গাৱে পীতবাস মুখে অল্প হাস,
গতি লয় লাস মধুৰ আভাস এ,
দেখি কোন নাৰী ৰাখিবে পাৰে মনক।
যি বেলা পিৰিতি বঢ়ালাহা আতি।
মগ্ন ভৈলা মতি নুগুছে সম্প্ৰতি এ
আছিলাহা তুমি নিতে গতাগত কৰি।
গৃহ কৰ্ম্ম তেজি তযু পাৱে ভজি
আনন্দতে মজি আছিলো প্ৰাণ জীএ
তুমি বিনে কেনে থাকিবো জীৱন ধৰি
পুৰ্ব্বে তুমি আসি মধৰ সম্ভাসি
কৰি অল্প হাসি মোক লৈলা দাসী এ,
আবে কি কাৰণে ছাৰিয়া যাস আমাক।
কি কৰিবো আমি আছে নিজ স্বামী
তুমি পৰ গামী প্ৰসাদ সকামীএ,
কিমতে চলিবো উপায় নাপালো তাক।
শুনি নাৰায়ণে বোলে দুঃখ মনে
আমাসাত বিনে বোলে ত্ৰিভুবনেএ
কি কাৰণে দুঃখ কৰি আছে অভাগিনী।
জানিবাহা আমি জগতৰ স্বামী,
সৰ্ব্ব অন্তৰ্য্যামী মন চিত্তগামীএ
সততে ভ্ৰমিয়া ফুৰো ভক্ত দুঃখ জিনি।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৫০
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি